বিজেপিৰ নতুন কাৰ্যালয়ত নাৰী কেলেংকাৰী আৰু চাকৰি দুৰ্নীতিৰ দুৰ্গন্ধ : প্ৰদেশ যুৱ কংগ্ৰেছ
গুৱাহাটী,২০ আগষ্টঃ বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়ৰ ৰং-তেলৰ গোন্ধ মাৰ নাযাওঁতেই নাৰী কেলেংকাৰী আৰু চাকৰি দুৰ্নীতিৰ দুৰ্গন্ধ ওলালেই। দেওবাৰে গুৱাহাটী ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র বর্ণালী ফুকনে। বিজেপি নেত্রী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনা সন্দৰ্ভত সৰৱ হৈ তেওঁ কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি নিজেই চিণ্ডিকেট, নাৰী কেলেংকাৰী, চাকৰি দুৰ্নীতিত জড়িত। ইফালে মুখ্যমন্ত্রী অসমখন কিনি লোৱাৰ দৌৰত বুলি তেওঁ কয়। সংবাদমেলত প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্রী সাগৰিকা বৰাই বিজেপিৰ শাসন কালত বিজেপি নেতাৰ দ্বাৰা সংঘটিত হোৱা নাৰীজনিত অপৰাধ সমূহৰ ওপৰত আলোকপাত কৰি বিজেপি বিধায়ক কুলদ্বীপ সিং চেংগাৰৰ উন্নাও ধৰ্ষণ কাণ্ড, বিজেপি সাংসদ ব্ৰীজভূষণে কৰা যৌন শোষণ, মণিপুৰ কাণ্ড, তিনিচুকীয়াৰ বৰডুবি ধর্ষণ কাণ্ড, জোনমণি ৰাভা, বিলকিছ বানু আদিৰ প্রসংগ উত্থাপন কৰে। আনহাতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা (সাংগঠনিক) পূৰ্ব্বশ্রী গগৈয়ে এই সকলোবোৰ নাৰীজনিত অপৰাধৰ ন্যায়িক তদন্ত দাবী কৰে। অন্যথা যুৱ কংগ্ৰেছে মহিলা সুৰক্ষাৰ স্বাৰ্থত বিজেপিৰ কাৰ্যালয়ৰ সন্মূখত প্রতিবাদ কৰিব বুলি হুংকাৰ দিয়ে। প্রদেশ কংগ্ৰেছৰ সম্পাদিকা মৌচুমী নেওগে বিজেপিৰ কৰ্মীৰ দ্বাৰা চাকৰিত ধনৰ লেনদেন হোৱা তথ্য দাঙি ধৰি কয় যে বিজেপিয়ে মহিলাক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যর্থ হৈছে। যাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰে।

0 Comments:
Post a Comment