গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব আলোকচিত্র দিৱস উদযাপন

 


গুৱাহাটী,১৯ আগষ্টঃ সাংবাদ মাধ্যমত ফটো সাংবাদিক সকলৰ এটা বিশেষ  স্থান আছে। ফটো সাংবাদিক সকলে সমাজলৈ নিজ শিল্পকৰ্মৰ জৰিয়তে   বৰঙণি আগবঢ়াই আহিছে। এই মন্তব্য বিশিষ্ট  শিক্ষাবিদ  ড° অমৰজ্যোতি চৌধুৰীৰ। বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এই মন্তব্য কৰে। ভাষণ প্ৰসঙ্গত তেওঁ   প্ৰেক্ষাগৃহবোৰত ফটো সংবাদিকৰ বাবে বিশেষ স্থানৰ ব্যৱস্থা নথকাকলৈ উদ্বেগ প্ৰকাশ কৰে। অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকি মহানগৰ আৰক্ষী  আয়ুক্ত দিগন্ত বৰাই কয় যে এখন ফটোৱে এটা গল্প , কাহিনী আৰু ইতিহাস কয়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট  কন্ঠশিলল্পী তৰালি শৰ্মাই ফটো সাংবাদিক সকলে এখন সমাজক  প্ৰতিনিধিত্ব কৰে বুলি কয় । অনুষ্ঠানত সন্থাই প্ৰতিবছৰে আগবঢ়োৱা ফটো সাংবাদিকতা বঁটা এইবৰ্ষত অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ্য ফটো সাংবাদিক ধনীৰাম কলিতাক প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা,  জাপি, চেলেং চাদৰ, প্ৰশস্তি পত্ৰ  আৰু নগদ ১০ হাজাৰ টকা। সাংবাদিক পল্লৱী বৰাই আঁত ধৰা     অনুষ্ঠানটোত প্ৰাগ নিউজৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, অসমীয়া প্ৰতিদিনৰ  মুখ্য সহকাৰী সম্পাদক অচ্যুত পাটোৱাৰী, নিয়মীয়া বাৰ্তাৰ কাৰ্যবাহী সম্পাদক অমল দাস, জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন, অসমীয়া খবৰ কাকাতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিত দাস, আছুৰ উপ সভাপতি  বিপুল ৰাভা, ট্ৰাইবেল সংঘৰ  সম্পাদক প্ৰধান আদিত্য খাখলাৰী উপস্থিত থাকি ব্যক্তব্য আগবঢ়ায়। অনুষ্ঠানত  সন্থাৰ সভাপতি চিন্ময় ৰয়, সম্পাদক ৰেব বৰাকে ধৰি সদস্য সকল উপস্থিত আছিল। অনুষ্ঠানৰ আৰম্ভণিতে ১৪ গৰাকী ফটো সাংবাদিকৰ ১৩০ খন ফটো প্ৰদৰ্শন কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment