এছ টি এফৰ অভিযানত জন্তুৰ অংগ-পতংগসহ গ্ৰেপ্তাৰ চোৰাংচিকাৰী

 


গুৱাহাটী,২৩ আগষ্টঃ এছ টি এফ আৰু গুৱাহাটীস্থিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰই যুটীয়াভাৱে নগাঁৱৰ কলিয়াবৰ আৰু জখলাবন্ধাৰ কেইবাটাও স্থানত অভিযান চলাই পাঁচজন চোৰাংচিকাৰী তথা বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ সৰবৰাহকাৰী লোকক বিভিন্ন অবৈধ সামগ্ৰীৰ সৈতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰী কেইজন হৈছে জখলাবন্ধাৰ‌ গফৰ কুৰেছী (২৪), উকিল কুৰেছী (৬০), ছফিকুল ইছলাম, উজ্জল ভৰালী (২০) আৰু গুৱাহাটীৰ আদিত্য শৰ্মা (২৩) বুলি চিনাক্ত কৰা হয়। তেওঁলোকৰ পৰা ১২ টা হাতীদাঁত, বাঘৰ দুটা আগদাঁত, গঁড়ৰ ১৫ টা খোৰা, হৰিণাৰ শিং এটা, বনৰৌৰ মুঠ ১.০৩১ কিলোগ্ৰাম ওজনৰ ছাল-বাকলি আৰু পাঁচটা মোবাইল ফোন উদ্ধাৰ কৰি জব্দ কৰা হয়। যুটীয়া অভিযানকাৰী দলটোৱে ধৃত চোৰাং চিকাৰী আৰু বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ চোৰাং সৰবৰাহকাৰী লোকসকলৰ লগতে জব্দকৃত সামগ্ৰীসমূহ স্থানীয় জখলাবন্ধা আৰক্ষীক ছমজাই দিয়ে আৰু সেইমৰ্মে জখলাবন্ধা আৰক্ষীয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ বিভিন্ন ধাৰাৰ অধীনত ১২২/২০২৩ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment