ধেমাজি কাণ্ডৰ ছয়জন অভিযুক্তকে দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী,২৪ আগষ্টঃ ধেমাজিৰ ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনাত জড়িত সকলো অভিযুক্তক দোষমুক্ত ঘোষণা। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলোকে দোষমুক্ত ঘোষণা কৰে। নিম্ন আদালতৰ ৰায়দানক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আবেদনকাৰী। ২৪ জুলাইত গোচৰটোৰ চূড়ান্ত শুনানি গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱসৰ দিনা বোমা বিস্ফোৰণ ঘটাইছিল আলফাই। সেই বিস্ফোৰণত ১৮টি কণ কণ শিশুৰ মৃত্যু হৈছিল। মুঠ ৬ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল নিম্ন আদালতে। দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী আৰু লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। প্রশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। অৱশেষত আজি ছয়জন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।


0 Comments:
Post a Comment