অসমৰ পৰা দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ পৰিবহণ হ'ব পেট্ৰ'লিয়াম আৰু পেট্ৰ'লিয়ামজাত সামগ্ৰী
গুৱাহাটী,২৪ আগষ্টঃ সুচল জলপথৰ জৰিয়তে বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ পেট্ৰ'লিয়াম সামগ্ৰী ৰপ্তানিৰ দিশত এক নতুন দিগন্তৰ সূচনা। পূৰ্বৰ চৰকাৰৰ দিনত অৱহেলিত হৈ থকা এই কাম মোদী চৰকাৰৰ দিনত বাস্তৱায়িত কৰা হৈছে। আজি গুৱাহাটীত নুমলীগড় শোধনাগাৰ পৰিসীমিত আৰু ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ মাজত গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা এই বুজাবুজিৰ চুক্তিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। এই চুক্তিৰ ফলশ্ৰুতিত যোগীঘোপাস্থিত IWAI-ৰ অত্যাধুনিক জেটীৰ ব্যৱহাৰেৰে ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু ভাৰত-বাংলাদেশ প্ৰট'কল জলপথ হৈ নুমলীগড় শোধনাগাৰে প্ৰতিমাহে ১০,০০০ মেট্ৰিক টন পেট্ৰ'লিয়াম তথা পেট্ৰ'লিয়ামজাত সামগ্ৰী বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ পৰিবহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ থকা এক্ট ইষ্ট নীতি আৰু প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হাইড্ৰ'কাৰ্বন ভিজন ২০৩০ক এই গুৰুত্বপূৰ্ণ চুক্তিয়ে ত্বৰান্বিত কৰিব বুলি সোণোৱালে কয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক শক্তিক এক নতুন গতি দিবলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু বিমল বড়া, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, নুমলীগড় শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়াবৰ্গ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।



0 Comments:
Post a Comment