মহাকাশ বিজ্ঞানী চয়ন দত্তৰ লখিমপুৰৰ ঘৰত আনন্দৰ জোৱাৰ
লখিমপুৰ,২৩ আগষ্টঃ চন্দ্ৰপৃষ্ঠত সফলতাৰে চন্দ্ৰযান-৩ৰ অৱতৰণৰ লগে লগে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ভাৰতবৰ্ষ। সমগ্ৰ ভাৰতবাসীয়ে চন্দ্ৰযান-৩ৰ অৱতৰণলৈ অপেক্ষা কৰি থকাৰ সময়তে অৱশেষত চন্দ্ৰযান-৩ এ সন্ধিয়া ৬.৪ বজাত চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰে। ইয়াৰ লগে লগে সমগ্ৰ দেশতে আনন্দ জোৱাৰ উঠাৰ সময়তে লখিমপুৰতো আনন্দ উল্লাসৰ সৃষ্টি হয়৷ উল্লেখ যে আজি সন্ধিয়া মহাকাশ বিজ্ঞানী চয়ন দত্তৰ লখিমপুৰৰ বাসগৃহ আৰু পিতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই লৈ এক আনন্দমুখৰ পৰিৱেশৰ সূচনা হয়। লখিমপুৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গোপীনগৰ কলনী নিবাসী ৰঞ্জিত কুমাৰ দত্ত আৰু শিলাৰাণী দত্তৰ সুযোগ্য জ্যেষ্ঠ পুত্ৰ চয়ন দত্তই চন্দ্ৰযান-৩ৰ ল’ঞ্চ কণ্ট্ৰল, অন বৰ্ড কামান, টেলিমেট্ৰী, ডাটা হেণ্ডেলিং আৰু ষ্টৰেজ চিষ্টেমৰ দায়িত্বত আছিল। ভাৰতৰ চন্দ্ৰযান-৩ য়ে আজি সন্ধিয়া ৬.৪ বজাত চন্দ্ৰ পৃষ্ঠৰ দক্ষিণ মেৰুত সফল ভাৱে অৱতৰণ কৰি বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাম উজ্বলাবলৈ সক্ষম হয়। আজি চয়ন দত্তৰ ব্যৱসায়ী পিতৃ ৰঞ্জিত দত্তই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে ‘ভগৱানে সু-দৃষ্টি দিয়াৰ বাবেই আজি পুত্ৰই বিশ্ববাসীৰ মাজত নিজৰ নাম উজলাবলৈ সক্ষম হয়। আমি এই ঐতিহাসিক ক্ষণৰ বাবে বহু উৎকণ্ঠাৰে বাট চাইছিলো আৰু ৰাইজেও আৰ্শীবাদ, শুভেচ্ছাৰে আমাক উৎসাহিত কৰিছিল। চাৰি বছৰ পূৰ্বে ২০১৯ চনত চন্দ্ৰযান-২ ৰ বিফলতাৰ বাবে চয়নে চকুলো টুকিছিল। যদিও ভৱিষ্যতে সফল হোৱাৰ লক্ষ্য তেওঁ স্থিৰ কৰি লৈছিল৷ চয়নক চুইজাৰলেণ্ড চৰকাৰে ভাৰত চৰকাৰতকৈ ত্ৰিশ গুণ বেছি দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল যদিও পিতৃ ৰঞ্জিত দত্তই বিদেশত নহয় দেশবাসীৰ সেৱাৰ বাবেহে পুত্ৰক আত্ম নিয়োগ কৰিবলৈ প্ৰেৰণা যোগাই আহিছিল। সেইবাবেই আজি পুত্ৰই দেশৰ কাৰণে এনে মহান কাৰ্য সফল কৰিব পাৰিলে বুলি পিতৃয়ে গৌৰৱবোধ কৰে৷ লখিমপুৰ চেইণ্ট মেৰীজ স্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা চয়নে পৰৱৰ্তী সময়ত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান বিষয়ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিকচত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে পৰৱৰ্তী সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম টেক ডিগ্ৰী গ্ৰহণ কৰে। উল্লেখ্য যে চয়নৰ পিতৃ ৰঞ্জিত দত্তই উত্তৰ লখিমপুৰ নগৰৰ এন টি ৰোডত ‘দত্ত ব্ৰাৰ্ডাছ’ নামৰ এখন দোকানেৰে ব্যৱসায় কৰি আহিছে। আজি এই দোকানখনতে বিভিন্নজনে আহি চয়নৰ পিতৃ-মাতৃক গামোচাৰে আদৰণি জনোৱাৰ লগতে আটচবাজীৰে আনন্দ উল্লাস কৰে। উল্লেখ্য যে বিবাহিত চয়নে পত্নীসহ দুই পুত্ৰ-কন্যাক লৈ সম্প্ৰতি বাংগালোৰুত বাস কৰি আছে। লখিমপুৰত চয়ন দত্তৰ পিতৃ-মাতৃৰ লগতে এজন ভাতৃও আছে৷

0 Comments:
Post a Comment