মুকলি হ'ল মালিগাঁৱৰ নীলাচল উৰণ সেতু




গুৱাহাটী,৩০ আগষ্টঃ অৱশেষত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল মালিগাঁৱৰ উৰণ সেতু। বুধবাৰে বিয়লি ৪.৩০ বজাত ৰাইজৰ বাবে আনুষ্ঠানিকভাবে এই সেতু মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে নীলাচল সেতু নামেৰে নামাকৰণ কৰি মুকলি কৰা হৈছে সেতুখন। এই সেতুৰ কাম বিগত ৩ বছৰ ৬ মাহ ধৰি চলি আহিছিল। সেতুখনৰ দৈৰ্ঘ ২.৬ কিলোমিটাৰৰ। ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা সেতুখনত থাকিব তিনিআলি জংচনত পৃথিৱীৰ গ্লৱ। উৰণীয়া সেতুৰ লেণ্ডিং পইণ্ট দুটা গতিৰোধকো থাকিব। সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰাৰ বিপৰীতে সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment