অসমৰ গ্ৰাম্যাঞ্চলৰ ২০.০২ শতাংশ মহিলা আৰু ২২.০৭ শতাংশ পুৰুষ উচ্চৰক্তচাপত আক্ৰান্ত


গুৱাহাটী,৩০ আগষ্টঃ প্ৰতি ৪ জন প্রাপ্তবয়স্ক ভিতৰত এজন উচ্চৰক্তচাপত আক্ৰান্ত। এই ক্ষেত্ৰত অসমৰ পৰিস্থিতি দেশৰ অন্য প্ৰান্তৰ তুলনাত পৃথক নহয়। উচ্চ ৰক্তচাপত আক্ৰান্তৰ বৃদ্ধিৰ হাৰ দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত অধিকহে। অসমৰ গ্ৰাম্য অঞ্চলত উচ্চ ৰক্তচাপ সন্দৰ্ভত সজাগতাৰ যথেষ্ট অভাৱ আছে। কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ-নতুন দিল্লীৰ সহযোগত বুধবাৰে গুৱাহাটীৰত 'উচ্চৰক্তচাপৰ প্ৰতিকাৰ আৰু যতন' শীৰ্ষক কৰ্মশালাত উপস্থিত থকা স্বাস্থ্য বিশেষজ্ঞ সকলে এই উদ্বেগজনক তথ্য সদৰী কৰে। কৰ্মশালাখন উদ্বোধন কৰি দিয়া ভাষণত অসম চৰকাৰৰ অতিৰিক্ত স্বাস্থ্য সঞ্চালক ডাঃ নকুল শ্যামে উচ্চৰক্তচাপৰ দৰে সমাজত ভয়াবহ ৰূপ ধাৰণ কৰা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু এই সন্দৰ্ভত বিশেষকৈ গ্ৰামাঞ্চলত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ অসংক্ৰমিত ৰোগ বিভাগৰ ৰাজ্যিক প্ৰগ্ৰাম বিষয়া ডাঃ ৰাহুল কুমাৰ শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৌচমী কৃষ্ণত্রেয়া, ডাউন টাউন হাস্পতালৰ কার্ডিয়লজিষ্ট ডাঃ জিতুমনি কলিতা আৰু নেচনেল মেডিকছ অৰগেনাইজেশ্বনৰ কাৰ্যকৰ্তা ডাঃ ঋষিকেশ শৰ্মাই আগতীয়া চিনাক্ত, উপযুক্ত চিকিৎসা আৰু জীৱন ধাৰণৰ মান পৰিৱৰ্তন কৰি উচ্চৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ সপক্ষে বিভিন্ন ব্যাখ্যা আগবঢ়ায়। চিকিৎসা বিশেষজ্ঞ সকলৰ মতে  অধিকাংশ ভাৰতীয়ই অৱগত নহয় যে তেওঁলোক অজানিতে উচ্চৰক্তচাপত আক্ৰান্ত হৈ আছে। যাৰ ফলত ষ্ট্ৰক আৰু কার্ডিয়াক এৰেষ্টৰ দৰে ঘটনা অধিক বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ দ্বাৰা কেৱল জ্যেষ্ঠ জনেই নহয়, মহিলা আৰু যুৱকো আক্ৰান্ত হৈ আছে। কিন্তু এই ক্ষেত্ৰত সৰ্বসাধাৰণ লোকৰ মাজত উপযুক্ত পৰিচৰ্যা আৰু সজাগতাৰ যথেষ্ট অভাৱ দেখিবলৈ পোৱা যায়। কৰ্মশালাখন পৰিচালনা কৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলৰ ২০.০২ শতাংশ মহিলা আৰু ২২.০৭ শতাংশ পুৰুষ উচ্চৰক্তচাপত আক্ৰান্ত। ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ১৯ শতাংশ মহিলা আৰু ২০ শতাংশ পুৰুষ উচ্চৰক্তচাপত ভোগে। কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ প্ৰকল্প বিষয়া নিলাঞ্জনা বোসে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে প্ৰতি বছৰে ভাৰতত ২৭ শতাংশ লোক হৃদজনিত ৰোগত মৃত্যু মুখত পৰে। ইয়াৰে ৪৫ শতাংশই হল ৪০ বছৰৰ পৰা ৬৯ বছৰ বয়সৰ। এনে হৃদজনিত ৰোগত মুখ্য কাৰণ হল উচ্চৰক্তচাপ।কৰ্মশালাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক জ্যেষ্ঠ নাগৰিক, মহিলা, যুৱক-যুৱতী, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সামাজিক সংগঠনৰ প্ৰতিনিধি আৰু সাংবাদিক উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment