দেশৰ স্মাৰ্ট চিটিৰ কোনো এটা শিতানত নাম নাই গুৱাহাটীৰ

 


গুৱাহাটী,২৯ আগষ্টঃ নামতেহে স্মাৰ্ট চিটি। দেশে প্ৰদান কৰা ২০২২ বৰ্ষৰ স্মাৰ্ট চিটিৰ বঁটাত নাম নাই গুৱাহাটীৰ। স্মাৰ্ট চিটি প্ৰকল্পৰে গুৱাহাটী মহানগৰীৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰকল্পৰ জৰিয়তে প্ৰচাৰ চলাই থকা বিজেপি চৰকাৰ ব্যৰ্থ হ'ল চূড়ান্তভাৱে। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতো নাম নাই স্মাৰ্ট চিটি গুৱাহাটীৰ। দেশৰ ১০০খন স্মাৰ্ট চিটিৰ মাজত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্মাৰ্ট চিটি প্ৰতিযোগিতাত সংস্কৃতি, পাৰিপাৰ্শ্বিক, যাতায়ত, অৰ্থনীতি, অনাময়, সামাজিক, জল যোগান আদি কেইবাটাও শিতানত এটাও শিতানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম নহ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিৱৰ্তিত গুৱাহাটী মহানগৰীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্যৰ ক'হিমা আৰু ছিকিমৰ নামচিয়ে লাভ কৰে উত্তৰ-পূৰ্ব মণ্ডলৰ শ্ৰেষ্ঠ স্মাৰ্ট চিটিৰ বঁটা। উল্লেখ্য যে দেশৰ ভিতৰত এই বঁটাৰ শ্ৰেষ্ঠতৰ খিতাপ অৰ্জন কৰে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰে। সপ্তমবাৰলৈ ইন্দোৰে এই বঁটা লাভ কৰাৰ সমান্তৰালভাবে মধ্যপ্ৰদেশে লাভ কৰে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান। আনহাতে ছুৰাটে এই বঁটাৰ দ্বিতীয় স্থান আৰু আগ্ৰাই তৃতীয় স্থান দখল কৰাৰ বিপৰীতে শ্ৰেষ্ঠ ৰাজ্যৰ ক্ষেত্ৰত দ্বিতীয় স্থান তামিলনাডুয়ে আৰু তৃতীয় স্থান যুটীয়াভাবে দখল কৰে ৰাজস্থান আৰু উত্তৰ প্ৰদেশে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment