বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজ চোপ্রাৰ স্বৰ্ণজয়


নিউজ ডেক্স,২৮ আগষ্টঃ ইতিহাস সৃষ্টিৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ নীৰজ চোপ্রাই স্বৰ্ণপদক দখল কৰে। বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক লাভ কৰি নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰে। ৮৮.১৭ মিটাৰ জেভলিন নিক্ষেপ কৰি নীৰজ চোপ্রাই স্বৰ্ণ পদক দখল কৰে। ইফালে ৮৭.৮২ মিটাৰেৰে পাকিস্তানৰ নদীমে ৰূপৰ পদক অৰ্জন কৰে। নীৰজ চোপ্ৰাৰ উপৰি আন এগৰাকী ভাৰতীয় কিশোৰ জিনাৰে প্ৰতিযোগিতাত পঞ্চম স্থান দখল কৰে। তেওঁ ৮৪.৭৭ মিটাৰ দলিয়াই পঞ্চম স্থান অধিকাৰ কৰে। আনহাতে ৮৪.১৪ মিটাৰেৰে ডি পি মনুই ষষ্ঠ স্থান দখল কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment