বিশিষ্ট লেখক-নিবন্ধকাৰ অনন্ত কলিতাৰ দেহাৱসান



গুৱাহাটী,২৭ আগষ্টঃ বিশিষ্ট নিবন্ধকাৰ তথা লেখক, নতুন সাহিত্য পৰিষদৰ সভাপতি, চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ প্ৰাক্তন সদস্য, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন সঞ্চালক তথা ষ্টাফ এচোছিয়েছনৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত চন্দ্ৰ কলিতাৰ আজি পুৱা প্ৰায় ৭ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়। কলিতাই ৰক্তজনিত কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত আজি হঠাৎ ষ্ট্ৰোক হৈ মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। কলিতাই পত্নী-কন্যা সহ আত্মীয়-স্বজন আৰু অগণন গুণমুগ্ধক এৰি গৈছে। প্ৰগতিশীল লেখক তথা শ্ৰমিক-কৰ্মচাৰী আন্দোলনৰ নেতা গৰাকীৰ বিয়োগত চিপিআই(এম)সহ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ আৰু শ্ৰদ্ধা নিবেদন কৰিছে। ১৯৪৭ চনৰ ৩০ জুলাইত নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ কমাৰকুছিত জন্মগ্ৰহণ কৰা অনন্ত কলিতাই শিক্ষা সমাপ্তিৰ পাছত প্ৰথমতে ডাক-তাঁৰ বিভাগত চাকৰিত যোগদান কৰি মাৰ্ক্সবাদী আদৰ্শৰ প্ৰতি আকৃষ্ট হয় আৰু ১৯৬৮ চনত চিপিআই(এম) দলত যোগদান কৰে। পৰৱৰ্তী সময়ত কলিতাই ডাক-তাঁৰ বিভাগৰ চাকৰি ইস্তফা দি ১৯৭২ চনৰ এপ্ৰিলত ভাৰতীয় ষ্টেট বেংকৰ চাকৰিত যোগদান কৰে। শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ বাবে অতি সচেতন কলিতাই বেংকৰ চাকৰিত যোগদান কৰাৰ পাছতে ষ্টেট বেংক অৱ ইণ্ডিয়া ষ্টাফ এচোছিয়েছনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ অতি কম দিনৰ ভিতৰতে সংগঠনটোৰ অবিসম্বাদী নেতা হৈ পৰে। ১৯৮৬-১৯৮৯ চনৰ কালছোৱাত ষ্টাফ এচোছিয়েছনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৮৯ চনৰ পৰা ২০০৮ চনত চাকৰিৰ পৰা অৱসৰ লোৱা দিনলৈ তেখেতে দীৰ্ঘদিন সংগঠনটোৰ সাধাৰণ সম্পাদক হিচাপে অতি দক্ষতাৰে বেংক কৰ্মচাৰী সকলক নেতৃত্ব প্ৰদান কৰিছিল। ২০০১ চনৰ পৰা ২০০৮ চনলৈ ভাৰতীয় ষ্টেট বেংকৰ 'বোৰ্ড অৱ ডিৰেক্টৰছ'ৰ তেখেত আছিল অন্যতম সঞ্চালক আৰু ষ্টেট বেংক কৰ্মচাৰী সকলৰো আছিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। অসমত ষ্টেট বেংকৰ আঞ্চলিক মুখ্য কাৰ্যালয় আৰু ভিতৰুৱা অঞ্চলত বেংকৰ বহু শাখা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অনন্ত কলিতাৰ ভূমিকা আছিল বিশেষভাৱে উল্লেখযোগ্য। বেংক কৰ্মচাৰী সকলৰ মাজত তেখেত আছিল অতি জনপ্ৰিয়। ষ্টেট বেংক ষ্টাফৰ কো-অপাৰেটিভ ছছাইটি গঢ়ি তোলাতো কলিতাৰ আছিল অনন্য অৱদান। শ্ৰমিক-কৰ্মচাৰীৰ আন্দোলন-সংগ্ৰামৰ সৈতে নিবিড়ভাৱে যুক্ত হৈ থকাৰ উপৰি অনন্ত কলিতাই সাহিত্য চৰ্চাতো মনোনিৱেশ কৰিছিল। "সমকালীন অৰ্থনীতিঃবিকল্প অন্বেষণ", অসম আৰু অসমৰ জাতীয় সমস্যা, "নব্য উদাৰ অৰ্থনীতি আৰু বিকল্প", "বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা" আদি কেইবাখনো  মূল্যবান গ্ৰন্থ ৰচনা কৰাৰ উপৰি তেখেতে ৰাজ্যৰ প্ৰায়বোৰ দৈনিক কাকতত ধাৰাবাহিকভাৱে প্ৰবন্ধ-পাতি লিখিছিল। মৃত্যুৰ আগদিনালৈ তেওঁৰ কলম থমকি ৰোৱা নাছিল। কলিতাৰ বিশেষকৈ অৰ্থনীতি সংক্ৰান্তীয় তথ্যসমৃদ্ধ লেখাবোৰ অসমীয়া সাহিত্যৰ এক সম্পদ হৈ আছে। নতুন সাহিত্য পৰিষদৰ শেহতীয়া কলগাছিয়া অধিৱেশনত অনন্ত কলিতা সভাপতি হিচাপে নিৰ্বাচিত হৈ দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰগতিশীল আলোচনী 'নতুন পৃথিৱী'ৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু আলোচনীখনৰ সম্পাদনা সমিতিৰ অন্যতম সদস্য আছিল। অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী আন্দোলনৰ তেওঁ আছিল এগৰাকী প্ৰথম শাৰীৰ সৈনিক আৰু ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম প্ৰতিষ্ঠাপক। কা-বিৰোধী সমন্বয় সমিতি, অসম নাগৰিক সমাজ, আদি বিভিন্ন সংগঠনৰ লগতো অনন্ত কলিতাই সক্ৰিয়ভাৱে জড়িত হৈ আছিল। আজি অনন্ত কলিতাৰ মৃত্যুৰ শোক সংবাদ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ সচেতন মহলত শোকৰ ছাঁ পৰে। পুৱাই হস্পিতালত বহু লোকৰ ভিৰ হয়। ইয়াৰ পাছতে কলিতাৰ নশ্বৰ দেহ প্ৰথমে গুৱাহাটীৰ সৰুমটৰিয়াৰ বাসভৱনলৈ নিয়া হয়। বাসভৱনত গুণমুগ্ধসকলে শ্ৰদ্ধা জনায়। ইয়াৰ পাছতে মৃতদেহ পুষ্পসজ্জিত বাহনত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক কাৰ্যালয়লৈ নি শ্ৰদ্ধা জনোৱা হয়। পাছত চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়লৈ কলিতাৰ মৃতদেহ আনি ৰাজহুৱা শ্ৰদ্ধা নিবেদন কৰা হয়। এই অনুষ্ঠানত চিপিআই (এম)ৰ সভ্য-সমৰ্থকৰ উপৰি সমাজৰ বিভিন্ন অংশৰ বহু লোক আৰু দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত হৈ প্ৰয়াত নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। অনুষ্ঠানত প্ৰথমে পাৰ্টিৰ জ্যেষ্ঠ নেতা উদ্ধৱ বৰ্মনে কলিতাৰ নশ্বৰ দেহত ৰক্ত পতাকা আৰু পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধা জনায়।ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে শোক প্ৰস্তাৱ উত্থাপন কৰি চিপিআই(এম) দলৰ নিষ্ঠাৱান নেতা গৰাকীৰ বহুমুখী প্ৰতিভা আৰু গুণাৱলী উল্লেখ কৰি পাৰ্টিৰ পক্ষৰ পৰা শ্ৰদ্ধা তৰ্পণ আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। অনুষ্ঠানত পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান, সম্পাদক মণ্ডলীৰ সদস্য নয়ন ভূঞা আৰু নিৰংকুশ নাথ, কামৰূপ মহানগৰ জিলাৰ সম্পাদক বীৰেন শৰ্মা, চিপিআই দলৰ নেতা চক্ৰেশ্বৰ কলিতা, চিপিআই(এম-এল)ৰ নেতা পংকজ কুমাৰ দাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, চিআইটিইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ড° কালী প্ৰসাদ শৰ্মা আৰু কোষাধ্যক্ষ ড° বাসুদেৱ দাস, নতুন সাহিত্য পৰিষদৰ সমীন্দ্ৰ হুজুৰি, অসম নাগৰিক সমাজৰ ৰবীন দত্ত, নতুন পৃথিৱী পৰিষদৰ ৰত্না ভৰালী তালুকদাৰ, বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰ, ভাৰতীয় গণনাট্য সংঘৰ দেবাসিশ চক্ৰৱৰ্তী আৰু বিপুল তালুকদাৰ, 'দি অপিনিয়ন'ৰ দিলীপ ৰায়চৌধুৰী, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নিয়তি বৰ্মন, ষ্টেট বেংক পেঞ্চনাৰ্ছ এছচিয়েছনৰ ভূপেন কলিতা, ডিৱাইএফআইৰ ৰিতুৰঞ্জন দাস, এছএফআইৰ অৰুণ গুৰীয়া, ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ইউনিয়নৰ নেতা দীনবন্ধু ঠাকুৰীয়া, এছবিআইএছএৰ প্ৰাক্তন নেতা বিপুল দেৱ শৰ্মা প্ৰমুখ্যে বহু সংগঠনৰ প্ৰতিনিধিয়ে শ্ৰদ্ধা তৰ্পণ কৰে। এই অনুষ্ঠানৰ পাছতে পানবজাৰৰ এছবিআই ষ্টাফ এচোছিয়েছনৰ কাৰ্যালয়ত শ্ৰদ্ধা নিবেদন কৰাৰ পাছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হয়। অনন্ত কলিতাৰ শেষকৃত্য অনুষ্ঠানত অগণন গুণমুগ্ধৰ ভিৰ হয়। সমাজৰ বিভিন্ন অংশৰ বহু বিশিষ্ট লোকে ইয়াত অংশগ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment