গুৱাহাটীত আৰক্ষীৰ গুলীত আহত দুই চোৰ


গুৱাহাটী,৩ আগষ্টঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুটাকৈ চোৰ। দুটাকৈ পৃথক পৃথক ঘটনাত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় চোৰ দুটাক ৷ দুয়োটা চোৰ সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। গুলীবিদ্ধ চোৰ দুটা ক্ৰমে অভিজিৎ ৰাভা আৰু মহিবুল হক বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তথ্য অনুসৰি দক্ষিণ শালমাৰাৰ ভালুখুন্দিৰ মহিবুল হক নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিছিল পল্টন বজাৰ আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত গুৱাহাটীৰ বিৰুবাৰীত পুৱতি নিশা প্ৰায় ২.৪৫ বজাত আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰোতে ভৰিত গুলীয়াবলৈ বাধ্য হয় আৰক্ষী ৷ বাঁওভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হয় মহিবুল হক। পৰৱৰ্তী সময়ত গুলীবিদ্ধ চোৰটোক আৰক্ষীয়ে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰে ৷ আনহাতে পানীখাইটীতো সংঘতিত হয় অনুৰূপ ঘটনা । কামৰূপ মহানগৰীৰ অন্তৰ্গত পানীখাইতী আউট পোষ্টৰ সমীপত এই এনকাউণ্টাৰ সংঘটিত হয় ৷ গুলীবিদ্ধ হয় অভিজিৎ ৰাভা নামৰ আনটো চোৰ। পুৱতি নিশা প্ৰায় ৩.৩০ বজাত এই ঘটনা সংঘটিত হয়। চোৰটোৰ সোঁভৰিত গুলী লাগি আঘাটতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ পিছত দ্বিতীয়জন গুলিবিদ্ধ অভিযুক্তকো গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰে আৰক্ষীয়ে ৷ জিএমচিএইছ কৰ্তৃপক্ষই জনোৱা অনুসৰি দুয়োজন গুলীবিদ্ধ অভিযুক্তৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ আনহাতে কেনে পৰিস্থিত দুয়োজন অভিযুক্তক গুলীয়াব লগীয়া হ’ল এই প্ৰসংগত কোনো বক্তব্য আগবঢ়োৱা নাই মহানগৰ আৰক্ষীয়ে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment