নিউজ ডেক্স,৩ আগষ্টঃ গুৱাহাটীৰ শিলসাঁকোৰ পাৰৰ উচ্ছেদ বিৰোধী থলুৱাৰ ঐক্যবদ্ধ সংগ্ৰামখন আজি দেশৰ ৰাজধানী দিল্লী পালেগৈ। প্ৰায় ছয় মাহ ধৰি বিভিন্ন ৰূপত অসমত ধাৰাৱাহিক ভাৱে উচ্ছেদিত ৰাইজ, উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ গণতান্ত্রিক আন্দোলনৰ প্ৰতি ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে প্ৰতিবাদকাৰী সকলে আজি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে। ১০০ শতাংশ খিলঞ্জীয়া মানুহে বসবাস কৰা শিলসাঁকো অঞ্চলত অসম চৰকাৰে অতি বেআইনী, বৈষম্যমূলক ভাৱে থলুৱা ৰাইজৰ ওপৰত চলোৱা অমানৱীয় উচ্চেদৰ বিৰুদ্ধে সংগঠিত হোৱা প্ৰতিবাদী জনতাই ২৫ খনতকৈও অধিক স্মাৰক পত্ৰ মুখ্যমন্ত্রীলৈ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰেৰণ কৰাৰ পাছতো জাতি মাটি ভেঁটিৰ কথা কোৱা চৰকাৰখনৰ গা নলৰাৰ বিপৰীতে দেখদেখকৈ বণিয়াৰ অট্টালিকা, বিতৰ্কিত ব্যৱসায়ী হিমৎ সিংকাৰ আইডিয়েল হিলভিউ,টাটা গ্ৰুপৰ জিঞ্জাৰ, বদৰুদ্দিন আজমলৰ বৃহৎ সম্পত্তি, কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ঘৰ আদিকে ধৰি বহুজনক ৰক্ষণাবেক্ষণহে দিয়া দেখা গ'ল বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে।
প্ৰতিবাদত অংশ লৈ আজি ছয়মাহে আন্দোলনৰ নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ আহি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত স্বাভাৱজাত ফুটনিৰে প্ৰায়ে কয় যে অসমত এতিয়া কোনো ধৰণৰ প্ৰতিবাদ নাই । অসমৰ ৰাইজৰ তেওঁক সকলো কামতে সমৰ্থন কৰে।
নিৰ্বাচনৰ সময়ত ডিঙিত গোমাচা পিন্ধি আধা ফুটা মাতেৰে অসমীয়া কৈ ৰাইজক আবেগিক কৰি ভোট আদায় কৰা নৰেন্দ্ৰ মোডী, অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে খিলঞ্জীয়া ৰাইজৰ ওপৰত চলোৱা অত্যাচাৰৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ আমি দিল্লীলৈ আহিছো বুলি তেওঁ মত পোষণ কৰে। প্ৰতিবাদ সাব্যস্ত কৰা শিলসাঁকোৰ ২০ জনীয়া দলটোক নেতৃত্ব দিয়া অন্য এগৰাকী নেতৃত্ব পলাশী দাসে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বৰ্তমান ক'ৰণাতকৈও ভয়াবহ ভাইৰাচ। কেৱল হিন্দু মুছলমান কৰি ৰাইজক ব্যস্ত ৰাখি খিলঞ্জীয়াৰ ভূমিকে আদি কৰি সকলো অধিকাৰ গ্ৰাস কৰি আনিছে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰধানমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।


0 Comments:
Post a Comment