ডাইনী কাণ্ডৰ বিৰুদ্ধে ঝাৰখণ্ড চৰকাৰৰ পৰা উচ্চ ন্যায়ালয়ে উত্তৰ বিচৰা কাৰ্যক আদৰণি ডঃ দিব্যজ্যোতি শইকীয়াৰ

 

নিউজ ডেক্স,৩ আগষ্টঃ ঝাৰখণ্ডত ডাইনীৰ নামত অত্যাচাৰ ৰোধ কৰাৰ   বাবে ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিশদ প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সঞ্জয় কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ আনন্দ সেনৰ এখন বিভাগীয় বিচাৰপীঠে ২ আগষ্টত এটা পি আই এলৰ সন্দৰ্ভত এই নিৰ্দেশনা জাৰি কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ঝাৰখণ্ডত বহু সময়ত নিৰীহ নাৰীক ডাইনী বুলি ৰাজহুৱাভাৱে অত্যাচাৰ কৰা হয় আৰু বহু সময়ত ভুক্তভোগীৰ মৃত্যু হয়। সেয়ে ডাইনীপ্ৰথা বন্ধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত সম্পূৰ্ণ তথ্য বিচাৰিছে আদালতে। অহা ৯ ছেপ্টেম্বৰত এই বিষয়ত শুনানি গ্ৰহণ কৰিব আদালতে। শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে ডাইনী প্ৰথাকলৈ উদ্বেগ প্ৰকাশ কৰি কয় যে চৰকাৰে এই কু-প্ৰথাৰ বিৰুদ্ধে  আইন প্ৰণয়ন কৰিছে, কিন্তু ইয়াৰ পৰা বিশেষ একো লাভ  হোৱা নাই। বিচাৰপীঠে কয় যে সমাজত অন্ধবিশ্বাস ব্যাপকভাৱে প্ৰচলিত আৰু এনে অসৎ কাৰ্য্য ৰোধ কৰিবলৈ ইয়াক মোকাবিলা কৰাটো প্ৰয়োজন।

আনহাতে, ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাইনীকাণ্ড আৰু অন্ধবিশ্বাস বিৰোধী নেতা ড০ দিব্যজ্যোতি শইকীয়াই। ড০ শইকীয়াই কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ মানুহ এতিয়াও প্ৰকৃত জীৱনভিত্তিক মানসম্পন্ন শিক্ষাৰে সম্পূৰ্ণ শিক্ষিত হোৱা নাই। ঝাৰখণ্ড চৰকাৰে সাধাৰণ জনতাৰ মাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা  কৰিব পৰা নাই। সেইবাবেই কিছুমান তথাকথিত দুস্কৃতিকাৰীয়ে আজিও অন্ধবিশ্বাস আৰু ডাইনীৰ নামত মানুহক অত্যাচাৰ আৰু হত্যা কৰি আহিছে। উল্লেখযোগ্য যে দেশৰ আগশাৰীৰ অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয়  মানৱ অধিকাৰ আৰু সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ অক্লান্ত সংগ্ৰামে অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তত বহু নিৰীহ লোকক জীৱন প্ৰদান কৰিছে। ড° দিব্যজ্যোতি শইকীয়াৰ প্ৰবল দাবীত অসমত  "দ্যা আসাম ৱিতছ হানটিং (পিপিপি) এক্ট ২০১৫ প্ৰণয়ন কৰা হয়। ডঃ দিব্যজ্যোতি শইকীয়াৰ নেৰানেপেৰা চেষ্টাৰ বলত উত্তৰ পূৰ্বৱঞ্চলৰ অসমকে ধৰি ছটিছগড় আদি ৰাজ্যত এনে আমানৱীয় ঘটনা যথেষ্ট পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment