গুৱাহাটীত বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনৰ ৰোড শ্ব' মুকলি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ




গুৱাহাটী,৩১ আগষ্টঃ বিশ্ব সামুদ্রিক ভাৰত সন্মিলন,২০২৩ (জি এম আই এছ)ৰ গুৱাহাটীৰ ৰোড শ্ব' আজি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। এই ৰোড শ্ব'ত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু বিমল বড়া, অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী মামা নাটুং, নাগালেণ্ড চৰকাৰৰ উপদেষ্টা (পৰিবহণ আৰু কাৰিকৰী শিক্ষা) তথা বিধায়ক টেমজেনমেনবা, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি. কে. ৰামচন্দ্ৰন, ৰাষ্ট্ৰীয় শিপিং ব'ৰ্ডৰ (এন এছ বি) অধ্যক্ষ সঞ্জীৱ ৰঞ্জন, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়ৰ উপৰি বাণিজ্য খণ্ডৰ লগতে সামুদ্রিক খণ্ডৰ অন্যান্য গণ্য-মান্য ব্যক্তি আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত অনুষ্ঠিত বিশ্ব সামুদ্রিক ভাৰত সন্মিলন ২০২৩ৰ ৰোড শ্ব'ত উত্তৰ-পূব ভাৰতৰ কৰ্প'ৰেট জগতৰ অগ্ৰণী ব্যক্তি, চৰকাৰী বিষয়া, দূৰদৰ্শী চিন্তাৰ টেকন'ক্ৰেট আৰু ৰাজনৈতিক নেতাসকল উপস্থিত আছিল। আগন্তুক জি এম আই এছ ২০২৩ত সক্রিয়ভাৱে অংশ গ্ৰহণ কৰি ভাৰতীয় অৰ্থনীতিৰ বাবে এক নতুন পথ নিৰ্ধাৰণৰ সুযোগ অন্বেষণ কৰিবলৈ সমবেত লোকসকলক আমন্ত্রণ জনাই কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। এই ৰোড শ্ব'ৰ উদ্দেশ্য হৈছে সামুদ্রিক খণ্ড আৰু আভ্যন্তৰীণ জলপথ উদ্যোগৰ সকলো অংশীদাৰৰ সৈতে জড়িত হৈ আগন্তুক তৃতীয় বিশ্ব সামুদ্রিক ভাৰত সন্মিলন ২০২৩ (জি এম আই এছ)ৰ সফলতাৰ পথ প্রশস্ত কৰা। এই অনুষ্ঠানৰ আন এক উদ্দেশ্য আছিল সামুদ্রিক খণ্ডত সম্ভাৱনা অন্বেষণৰ দিশত আভ্যন্তৰীণ জলপথৰ ভূমিকা জগাই তোলা আৰু আঞ্চলিক বিকাশৰ বাবে জলপথৰ ব্যৱহাৰ আৰু সামুদ্রিক আন্তঃগাঁথনি, বাণিজ্য আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে এইক্ষেত্ৰত উত্তৰ-পূব অঞ্চলটোৰ প্ৰৱেশাধিকাৰ সজ্জিত কৰাৰ বাবে ব্যাপক আলোচনাত মিলিত হোৱা। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা সঞ্চালিত গুৱাহাটীৰ ৰোড শ্ব' হৈছে সামুদ্রিক খণ্ডৰ অংশীদাৰসকলৰ বাবে সুযোগ মুকলি কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। বৃহস্পতিবাৰৰ ৰোড শ্ব'ত গুৱাহাটীস্থিত বাংলাদেশ দূতাবাসৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, বাংলাদেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ প্ৰাধিকৰণৰ যুটীয়া সচিব মহম্মদ ম'নোৱাৰ উজ জামান, ৰ'য়েল ভূটানীজ কনছুলেট জেনেৰেলৰ উপ-বাণিজ্য দূত (ভাইচ-কনছুল) ফুপা শ্বেৰিঙেও অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণত কয় যে অভ্যন্তৰীণ জলপথে ভাৰতীয় অৰ্থনীতিৰ বিকাশত অভূতপূৰ্ব প্ৰদান কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অভ্যন্তৰীণ জলপথ খণ্ডই যথেষ্ট উৎসাহ লাভ কৰিছে। কিয়নো চৰকাৰে ২০১৪ চনৰ পৰা এই খণ্ডত ৫,২০০ কোটি টকাৰ বিনিয়োগ কৰিছে। বিগত ২৮ বছৰত কৰা বিনিয়োগতকৈ যোৱা ৯ বছৰৰ ভিতৰত চৰকাৰে কৰা বিনিয়োগৰ পৰিমাণ ২০০ শতাংশতকৈ অধিক বৃদ্ধি হৈছে। তদুপৰি, উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ১,৭০০ কোটি টকাৰ প্ৰকল্পৰ বিনিয়োগ কৰা হৈছে। পৰিবহণদক্ষ, কম খৰচী আৰু পৰিৱেশ অনুকূল মাধ্যমটোৱে দেশৰ ভিতৰুৱা অঞ্চলসমূহৰ অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অভ্যন্তৰীণ জলপথত বিনিয়োগ কৰি আৰু আমাৰ সমৃদ্ধ তথা জটিল জলপথ প্রণালীক শক্তিশালী কৰি আমি এই উদ্যোগটোৰ বাবে এক সহযোগিতামূলক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাৰ প্ৰক্ৰিয়াত লাগি আছোঁ যিয়ে আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতেও পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব। এই অবিৰত প্রচেষ্টাই সকলো দেশৰ লগতে দক্ষিণ এছিয়া অঞ্চলতো ভাৰতৰ সম্পর্ক উন্নীত কৰি বৃহৎ বাণিজ্য আৰু অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰিব বুলি তেওঁ কয়। বন্দৰকেন্দ্ৰিক উন্নয়নৰ ভূমিকাৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত আমাৰ চৰকাৰে ভাৰতীয় বন্দৰসমূহক বিশ্বমানৰ স্তৰলৈ লৈ যোৱাৰ লক্ষ্য ৰাখিছে। ইয়াৰ বাবে অধিক ঔদ্যোগিকৰণ, উৎপাদন বৃদ্ধি আৰু ব্যৱসায় কৰাৰ নীতিৰ সৰলীকৰণ আদিত গুৰুত্ব দিয়া হৈছে। সামুদ্রিক ক্ষেত্ৰত আমাৰ দেশখন এতিয়া দ্রুতগতিৰে আগুৱাই গৈছে। দেশৰ এই অভূতপূৰ্ব পৰিৱৰ্তনৰ অংশ হিচাপে আমি ভাৰতীয়সকলে গৌৰৱ কৰিব পাৰোঁ বুলি তেওঁ কয়। প্রধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত আমি কেৱল প্ৰয়োজনীয় দক্ষতাই নহয়, বিশ্বৰ মঞ্চত উৎকৃষ্ট হোৱাৰ শক্তিও অৰ্জন কৰিছোঁ। ভাৰতৰ বন্দৰসমূহৰ আধুনিকীকৰণৰদ্বাৰা উপকূলীয় সম্প্রদায়, উপকূলীয় উন্নতি নিশ্চিত কৰাত অগ্ৰাধিকাৰ দিয়া হৈছে। ভাৰতীয় বন্দৰসমূহক বিশ্ব মানলৈ উন্নীত কৰিলে এক শক্তিশালী বন্দৰ-চালিত অৰ্থনৈতিক পৰিৱেশৰো সৃষ্টি হ'ব বুলি তেওঁ কয়। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে সামুদ্রিক ক্ষেত্ৰত যোগাযোগ বৃদ্ধিৰ দিশত আঞ্চলিক সহযোগিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ বন্দৰ প্ৰকল্পৰ গুৰুত্ব সন্দৰ্ভতো আলোকপাত কৰে যিয়ে ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বৃদ্ধিত সহায় কৰিব। অনুষ্ঠানটোত আন্তঃগাঁথনি সম্পৰ্কীয় কাৰিকৰী অধিৱেশনসহ তিনিটা অধিৱেশন অনুষ্ঠিত হৈছিল। য'ত ৰাজ্যসমূহৰ বিশেষজ্ঞসকলে জলপথ সম্পৰ্কীয় বিভিন্ন চিন্তা-চর্চা আগবঢ়াইছিল। বিশ্ব সামুদ্রিক ভাৰত সন্মিলন, ২০২৩-ৰ মুখ্য অনুষ্ঠানৰ অংশ হিচাপে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে আয়োজন কৰা ৰোড শ্ব'ৰ শৃংখলাত গুৱাহাটীৰ ৰোড শ্ব'টো হৈছে পঞ্চম। মূল অনুষ্ঠান অহা ১৭-১৯ অক্টোবৰৰ ভিতৰত দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে কলকাতা, মাংগালোৰ, বিশাখাপতনম আৰু গোৱাতো একেধৰণৰ ৰোড শ্ব'ৰ আয়োজন কৰা হৈছিল। গুৱাহাটীৰ পাছত চেন্নাই, ভুৱনেশ্বৰ, বাৰাণসী, কোচি, আহমেদাবাদ আৰু বাংগালোৰতো ৰোড শ্ব'ৰ পৰিকল্পনা কৰা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment