কাহিলিপাৰাত আই পি এছ বিষয়া কে ভি সিং দেওৰ বিদায় পেৰেড



গুৱাহাটী,৩১ আগষ্টঃ গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান তথা গৃহৰক্ষী জোৱানৰ কমাণ্ডেণ্ট জেনেৰেল আই পি এছ বিষয়া কে ভি সিং দেওৰ বিদায় পেৰেডৰ আয়োজন কৰা হয়। ১৯৮৯ চনত আই পি এচ বিষয়াৰূপে নিযুক্তি লাভ কৰা কে ভি সিং দেওৱে অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আৰু প্ৰশিক্ষণৰ অন্তত হোজাইৰ মহকুমা আৰক্ষী বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। কে ভি সিং দেও কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কেন্দ্ৰীয় প্ৰতিনিধিত্বতো আছিল। কে ভি সিং দেও অসমত থকা কালত মহকুমা আৰক্ষী বিষয়াৰ পৰা আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পদলৈ কাৰ্য সম্পাদন কৰিছিল। ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীত কে ভি সিং দেও নাগৰিক প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান পদলৈ উন্নীত হয়। আজি বিদায় পেৰেডৰ সময়ত কাহিলীপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিট সিঙকে ধৰি অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।


 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment