গুৱাহাটীৰ শিলসাঁকোত মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদ

গুৱাহাটী,১ ছেপ্তেম্বৰঃ গুৱাহাটীৰ শিলসাঁকোত মহিলাৰ অৰ্ধ উলংগ প্ৰতবাদ। শুকুৰবাৰে একাংশ মহিলাই অৰ্ধ উলংগ হৈ শিলসাঁকোত চলি থকা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উচ্ছেদক কেন্দ্র কৰি শিলসাঁকোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ১৫০ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য আৰক্ষী, প্রশাসনৰ। প্রশাসনৰ উচ্ছেদৰ বিৰুদ্ধে ৰাইজে ওলাই আহি এই প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰে প্রতিবাদকাৰীৰ সংঘাত হোৱাও পৰিলক্ষিত হয়। যাৰ বাবে পৰৱৰ্তী সময়ত কেইবাজনো প্রতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। লগতে আটক কৰিছে ছাত্ৰ মুক্তিৰ সম্পাদক বিদ্যুত শইকীয়াক। প্ৰশাসনে ইতিমধ্যে কেইবাবিঘা মাটিত উচ্ছেদ চলাইছিল। যাৰ পাছত দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ লোকসকল। চৰকাৰে স্পষ্ট কৰি দিছিল যে কোনো কাৰণতে বন্ধ নহয় শিলসাকোৰ উচ্ছেদ। কিন্তু তাৰ পাছতো নিজৰ স্থিতিত অটল হৈ আছে শিলসাকোৰ বাসিন্দা সকল। উল্লেখ্য যে অসমত ইয়াৰ পূৰ্বে মহিলাৰ এনে প্ৰতিবাদ হোৱা নাছিল। মণিপুৰৰ পাছত অসমত হোৱা মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদে চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ দেখুৱাই দিছে। চৰকাৰে অমৃতকাল বুলি কৈ থকা সময়ত এনে ধৰণৰ ঘটনাই চৰকাৰৰ কাম-কাজৰ ওপৰত বাৰুকৈয়ে যথেষ্ঠ প্ৰশ্ন উত্থাপন কৰে। মহিলা আৰু শিশুৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৈ অহা চৰকাৰখনে যেন এতিয়া মহিলাসকলৰ বিননি শুনা নাই। আজিৰ দিনতো যেন অসমৰ ইতিহাসৰ বাবে ক'লা দিন হিচাপে পৰিচিত হ'ব। এই মাহটোত চৰকাৰে পালন কৰিব পোষণ মাহে। এই মাহৰ আৰাম্ভণীতে আজি খিলঞ্জীয়া মহিলাই কৰা অৰ্ধ নগ্ন প্ৰতিবাদে ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment