উচ্চতম ন্যায়ালয়ে সকাহ দিলে ৰাহুল গান্ধীক


নিউজ ডেক্স,৪ আগষ্টঃ ৰাহুল গান্ধীলৈ ডাঙৰ সকাহ। ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। দুবছৰৰ বাবে ৰাহুল গান্ধীক বিহা হৈছিল কাৰাদণ্ড। মোদী উপাধিৰ গোচৰত হাইক’ৰ্টৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে ডাঙৰ সকাহ। উচ্চতম ন্যায়ালয়ে হাইক’ৰ্টৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ বি আৰ গৱাই, ন্যায়াধীশ পি এছ নৰছিমহা আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল। নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি আশা কৰা হৈছে। ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে এতিয়া কংগ্ৰেছ শিবিৰত দেখা গৈছে আনন্দৰ লহৰ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment