নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলৰ

 


গুৱাহাটী,৩ আগষ্টঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নামৰূপ সাৰ কাৰখানা বন্ধ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তই সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰি থকাৰ সময়তে আজি নতুন দিল্লীত প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধিৰ দলে কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত কৃষি প্ৰধান ৰাজ্য অসমৰ কৃষিখণ্ডৰ বাবে প্রয়োজনীয় সাৰৰ চাহিদাৰ যোগান অব্যাহত ৰখাৰ স্বাৰ্থত চৰকাৰৰ নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি উদ্যোগটো সজীৱ কৰি তুলি পূৰ্বতকৈয়ো অধিক সূচাৰুৰূপে চলাই ৰখাৰ দাবী জনাই এখন স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিনিধি দলটোৱে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে লোকসভাৰ সাংসদ গৌৰৱ গগৈ, প্ৰদুৎ বৰদলৈ, আব্দুল খালেক আৰু জাতীয় দল, অসমৰ সাংসদ অজিত কুমাৰ ভূঞা স্বাক্ষৰিত স্মাৰক পত্ৰখনত অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ বাবে প্ৰস্তাৱিত চতুৰ্থ ইউনিটৰ স্থাপনৰ কামো শীঘ্ৰে আৰম্ভ কৰাকে ধৰি আন একাধিক দাবী উত্থাপন কৰা হৈছে। স্মাৰক পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ বিভিএফচিএল অসমৰ কৃষি আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়াও উল্লেখ কৰিছে। নীতি আয়োগৰ দিহামতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ সাৰ কাৰখানাটো বন্ধ কৰিবলৈ যো-জা চলোৱা বিষয়টোত এপিচিচিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰক এনে জনবিৰোধী সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ দাবী জনায়। চৰকাৰৰ তৰফৰ পৰা ভিন্নজনে বিষয়টোক লৈ ভিন্নমত পোষণ কৰাত ৰাজ্যখনৰ জনসাধাৰণ উদ্বিগ্ন হৈ পৰাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত অতিশীঘ্ৰেই চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিবলৈকো স্মাৰক পত্ৰখনৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে দাবী উত্থাপন কৰিছে। স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে যে সাৰ কাৰখানাটোৰ প্ৰস্তাৱিত চতুৰ্থ ইউনিট স্থাপনৰ পিছত সেয়া কাৰ্যক্ষম হৈ উঠিলে ৰাজ্যখনত যথেষ্ট কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু নিবনুৱা সমস্যা বহু পৰিমাণে লাঘৱ হৈ পৰিব। আনহাতে এই ইউনিটটোৰ পৰা উৎপাদিত সাৰে অসমৰ কৃষিখণ্ডৰ বাবে প্ৰয়োজনীয় সাৰৰ চাহিদা পূৰ্ণ কৰাৰ লগতে ৰাজ্যখনৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰিব বুলি বিশেষজ্ঞসকলে কৰি অহা মন্তব্যৰ কথাও স্মাৰক পত্ৰযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰিছে প্ৰদেশ কংগ্ৰেছে। এনে এটি গুৰুত্বপূৰ্ণ সাৰ কাৰাখানা বন্ধ কৰি দিয়াৰ দৰে হঠকাৰী সিদ্ধান্ত কোনোপধ্যে গ্ৰহণ নকৰিবলৈকো স্মাৰক পত্ৰযোগে চৰকাৰক সকীয়াই দিয়ে প্ৰদেশ কংগ্ৰেছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment