বজৰং দলৰ অস্ত্র প্ৰশিক্ষণ কাৰ্যৰে জড়িত আন এজনক গুৱাহাটীৰ পৰা আটক

 

গুৱাহাটী,৫ আগষ্টঃ মঙলদৈত বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণত জড়িত আন এগৰাকী প্ৰশিক্ষকক আটক। শুকুৰবাৰে নিশা নুনমাটী আৰক্ষীয়ে ৰাতুল ছেত্ৰী নামৰ প্ৰশিক্ষকগৰাকীক আটক কৰে। জানিব পৰা মতে বৰ্তমান ৰাতুল ছেত্ৰীক মঙলদৈ থানাত আৰক্ষীয়ে জেৰা চলাই আছে। বৰ্তমানলৈকে ৩গৰাকী প্ৰশিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ যে দৰং জিলাৰ মঙলদৈস্থিত মহৰ্ষি বিদ্যামন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিল। এই প্ৰশিক্ষণ শিবিৰৰ কিয়দংশ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দৰং জিলাৰ আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। আনহাতে উক্ত কাৰ্যৰে জড়িত লোকক আটক কৰিবলৈয়ো ডিজিপিয়ে নিৰ্দেশ প্ৰদান কৰিছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment