ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত "মন কী বাত" শুনিলে মুখ্যমন্ত্রীয়ে
গুৱাহাটী,২৭ আগষ্টঃ সমগ্ৰ দেশৰ লগতে আজি অসমতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান "মন কী বাত" শ্ৰৱণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ গুৱাহাটীৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ বক্তব্য শুনে। অনুষ্ঠানত মুখ্যমন্ত্ৰ্ৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীযুষ হাজৰিকা, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ক্ৰমে সাংসদ পল্লৱলোচন দাস আৰু ডিপ্লু ৰঞ্জন শৰ্মা উপস্থিত থাকে। আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা কমলপুৰ বিধানসভা সমষ্টিত আয়োজিত 'মন কী বাত' অনুষ্ঠানত উপস্থিত থাকে। উল্লেখ্য যে আজি দলৰ অনান্য ৰাজ্যিক বিষয়ববীয়া, জিলা বিষয় ববীয়াসকলে নিজ বুথত উপস্থিত থাকি 'মন কী বাত' অনুষ্ঠান শ্ৰৱণ কৰে।



0 Comments:
Post a Comment