গুৱাহাটী,৮ আগষ্টঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা। নাৰেংগীত পুনৰ আৰক্ষীয়ে চিলনী চোৰলৈ লক্ষ্য কৰি চলালে গুলী। আৰক্ষীৰ গুলীত আহত আমিৰ আলী নামৰ এটা চিলনী চোৰ। আহত আমিৰ আলীক ইতিমধ্যে ভৰ্তি কৰা হৈছে জি এম চি এইছত। উল্লেখ্য যে মাজনিশা নাৰেংগীত সংঘটিত হোৱা এই গুলীচালনাৰ পাছতে এতিয়া পোহৰলৈ আহিছে কেটবোৰ গুৰুত্বপূৰ্ণ তথ্য। দুদিন পূৰ্বে অজন্তা পথত সংঘটিত হোৱা চুৰি কাণ্ডৰ সৈতে জড়িত আছিল আমিৰ আলী। সেই চুৰি কাণ্ডৰ সকলো দৃশ্য চি চি কেমেৰাত বন্দী হৈ ৰৈছিল। সেই চি চি টিভিৰ কেমেৰাৰ দৃশ্যৰ আধাৰতে আমিৰ আলীক কৰায়ত্ত কৰি দিছপুৰ আৰক্ষীয়ে সোধাপোছা কৰিছিল। দিছপুৰ আৰক্ষীৰ আগত আমিৰ আলীয়ে স্বীকাৰ কৰিছিল যে তাৰ সৈতে এই চুৰিকাণ্ডত চিণ্টু মেধি নামৰ আন এটা চোৰ জড়িত হৈ আছে। তাৎপৰ্যপূৰ্ণ ভাৱে এই দুয়োটা চোৰ আমিৰ আলী আৰু চিণ্টু মেধি পূৰবী ডায়েৰীৰ মেনেজাৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু তথ্য প্ৰমাণৰ অভাৱত আৰক্ষীয়ে দুয়োটাকে এৰি দিছিল। কিন্তু চিণ্টু মেধিক বহুতেই চিলনী চোৰৰ উপৰি অন্যান্য অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছিল। আৰক্ষীক অৱগত কৰা অনুসৰি আমিৰ আলীয়ে চিণ্টু মেধিৰ সৈতে একেলগে বহু সোণৰ অলংকাৰ চোৰ কৰি আনি নাৰেংগীৰ ফালে লুকুৱাই ৰাখিছিল। সেই চুৰি অলংকাৰ দেখুৱাই দিয়াৰ বাবেই নিশা দিছপুৰ আৰক্ষীক সেই নিৰ্দিষ্ট স্থানলৈ লৈ গৈছিল আমিৰ আলীয়ে। কিন্তু সেই নিৰ্দিষ্ট স্থান পোৱাৰ আগতেই আমিৰ আলীয়ে আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীকে গুলীয়াবলৈ উদ্যত হৈছিল আৰু সেয়ে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় বুলি প্ৰকাশ কৰিছে। ইফালে চুৰি কাণ্ডৰ সৈতে জড়িত থকা চিণ্টু মেধি এতিয়াও পলাতক হৈ আছে।
গুৱাহাটীত পুনৰ এনকাউণ্টাৰ : আৰক্ষীৰ গুলীত আহত চোৰ

.jpeg)

0 Comments:
Post a Comment