গুৱাহাটী,৫ আগষ্টঃ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ আজি ৭৩ সংখ্যক মৃত্যু দিৱস ৰাজ্যজুৰি পালন কৰা হয়। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নৱগ্ৰহস্থিত গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰত পালন কৰা হয় লোক কল্যাণ দিৱস । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ড৹ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত উপস্থিত থাকি সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিচতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, মেয়ৰ মৃগেন শৰণীয়া, গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈকে ধৰি পৰিয়ালৰ কেবাজনো লোক আৰু বহু শুভাকাংশী। উল্লেখ্য যে ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটিক বিগত বৰ্ষৰ পৰা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। সেয়ে বিগত বৰ্ষৰ লেখিয়াকৈ কেবিনেট সিদ্ধান্ত অনুসৰি এই বছৰো ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক মৃত্যু দিনটো লোক কল্যাণ দিৱস পালন কৰা হৈছে।

0 Comments:
Post a Comment