ইতিহাস ৰচনা কৰিলে ভাৰতে : চন্দ্ৰযান-৩ৰ সফল অৱতৰণ





নতুন দিল্লী,২৩ আগষ্টঃ মহাকাশ বিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে ভাৰতে। চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিলে চন্দ্ৰযান-৩য়ে। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধৱন লঞ্চিং পেডৰ পৰা চন্দ্ৰযান-৩য়ে যাত্রা আৰম্ভ কৰিছিল। গোটেই দেশখনেই সেইদিনাৰ পৰা দিন গণনা কৰি আছিল। সমগ্ৰ পৃথিৱীখনেই যেন ৰৈ আছিল আজিৰ দিনটোৰ বাবে। আজি পুৱাৰে পৰা সেই উদ্বিগ্নতা আৰু প্ৰত্যাশা কেইবাগুণো বৃদ্ধি হৈছিল। দক্ষিণ আফ্ৰিকাৰ পৰা চন্দ্ৰযানৰ লাইভ সম্প্ৰচাৰত ভাৰ্চুৱেলি যোগদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এফালে দেশবাসীৰ উদ্বিগ্নতা আৰু আনফালে কঠিন অৱতৰণৰ পৰ্যায়ৰ শেষ ১৫ মিনিট। চন্দ্ৰযান ২ৰ ফলাফলৰ কথা মনত ৰাখি এই যোৱা ১৫ মিনিটত উত্তেজনা অধিক বৃদ্ধি পাইছিল। কিন্তু লেণ্ডাৰ বিক্ৰমে পৰিকল্পনা অনুসৰি শেষৰ ১৫ মিনিট মসৃণভাৱে পাৰ কৰিলে। ৫.৪৫ বজাৰ পৰা আৰম্ভ হৈছিল অৱতৰণৰ চূড়ান্ত প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত প্ৰতি ছেকেণ্ডত ৩৫৮ মিটাৰ বেগত বিক্ৰমক ৭.৪ কিলোমিটাৰ উচ্চতালৈ নমাই দিয়া হৈছিল। দ্বিতীয় পৰ্যায়ত গতি আৰু লেহেমীয়া হয়। সেই পৰ্যায়ত অলপ বেছিকৈ বিক্ৰম তললৈ কেইবাটাও খোজৰ মাজেৰে পাৰ হৈ যোৱাৰ পিছত একেবাৰে শেষ পৰ্যায়ত লাহে লাহে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে। পৰিকল্পনা অনুসৰি ৬ মিনিটত চন্দ্ৰৰ মাটিত  অৱতৰণ কৰা হয়। বিশ্বত ইতিহাস ৰচনা কৰিলে ভাৰতে। চন্দ্ৰৰ দক্ষিণ মেৰুত মহাকাশযানখনৰ সফলতাৰে চফ্ট লেণ্ডিং কৰা প্ৰথমখন দেশ ভাৰত। ইয়াৰ আগতে কোনো মহাকাশযান চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা নাছিল। গতিকে সেই অংশটোৰ প্ৰতি কৌতুহল বেছি আছিল। সম্পূৰ্ণ অচিনাকি ঠাই হোৱাৰ বাবে বিক্ৰমৰ অৱতৰণো যথেষ্ট কঠিন আছিল। আনহাতে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰত অৱতৰণ কৰা ভাৰত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত বিক্ৰমৰ এটা অংশ খোল খাব। তাৰ পৰাই ৰভাৰ প্ৰজ্ঞান লেণ্ডাৰৰ চন্দ্ৰৰ মাটিলৈ নামি চন্দ্ৰত বিচৰণ কৰিব। ছয় চকাৰ প্ৰজ্ঞা কেইঘণ্টামান জিৰণি লৈ ঘূৰিব। ৰভাৰ প্ৰজ্ঞানে প্ৰতি ছেকেণ্ডত এক চেণ্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিব আৰু যাৰ লগত একাধিক ডিভাইচ থাকিব। সেই ডিভাইচৰ সহায়ত তথ্য সংগ্ৰহ কৰিব। চন্দ্ৰত কি আছে, কি নাই, ভালদৰে চাব। আনহাতে ৰম্ভা, চষ্ট, ইলছা, আৰে চন্দ্ৰত অৱতৰণ কৰাৰ পিছত কাম আৰম্ভ কৰিব। ই চাৰিটা পেলোড বিক্ৰমৰ সৈতে জড়িত। প্ৰত্যেকৰে নিজৰ নিজৰ কাম আছে। ৰম্ভাই সূৰ্য্যৰ পৰা অহা প্লাজমা কণিকাৰ ঘনত্ব, পৰিমাণ আৰু তাৰতম্যৰ বিষয়ে অধ্যয়ন কৰিব। ILSAয়ে চন্দ্ৰ পৃষ্ঠৰ কম্পন নিৰীক্ষণ কৰিব, CHAST য়ে ইয়াৰ উষ্ণতা জুখিব আৰু এৰে চন্দ্ৰৰ গতিশীলতা বুজিবলৈ চেষ্টা কৰিব। লেণ্ডাৰৰ লেণ্ডিং দৃশ্য ইছৰোৰ ৱেবছাইট, ফেচবুক পেজ, ইউটিউবত লাইভ সম্প্ৰচাৰ কৰা হৈছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment