গুৱাহাটী,৫ আগষ্টঃ গুৱাহাটীত পুনৰ বুজন পৰিমাণৰ গাঞ্জা জব্দ। আজি পুৱা অসম আৰক্ষীৰ এছ টি এফৰ দল এটাই বশিষ্ঠ থানাৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান চলাই ৩০ কিলোগ্ৰাম গাঞ্জাৰে সৈতে তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। পুৱা গুৱাহাটীৰ খানাপাৰা উৰণীয়া সেতুৰ কাষৰ পৰা এছ টি এফ আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলটোৱে আটক কৰা সৰবৰাহকাৰী কেইজন হ'ল ৰাজেশ ৰায়(৩২) ঋত্বিক ৰাজ (১৮) আৰু উদয় কুমাৰ(১৯)। জানিব পৰা মতে গাঞ্জাসমূহ কৰিমগঞ্জৰ পৰা আনি থকা হৈছিল। এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰি তদন্ত চলোৱাৰ উদ্দেশ্যে বশিষ্ঠ থানাৰ আৰক্ষীক জব্দকৃত গাঞ্জা আৰু কৰায়ত্ব কৰা সৰবৰাহকাৰী তিনিজনক চমজাই দিয়া হয়।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment