গ্ৰেপ্তাৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
নিউজ ডেক্স,২৫ আগষ্টঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। বৃহস্পতিবাৰে সন্ধিয়া জৰ্জিয়াত গ্ৰেপ্তাৰ হয় ট্ৰাম্প। তেওঁক আদালতত আত্মসমৰ্পন কৰাৰ বিকল্প দিয়া হৈছিল। আত্মসমৰ্পন কৰাৰ পাছতে গ্ৰেপ্তাৰ হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী। ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হয়। আদালতৰ পৰামৰ্শ অনুসৰি ট্ৰাম্প আৰু গোচৰটোত অভিযুক্ত মুঠ ১৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ট্ৰাম্পে আমেৰিকাৰ বিভিন্ন আদালতত মুঠ চাৰিবাৰ আত্মসমৰ্পণ কৰিছে। এই বছৰৰ এপ্ৰিলত তেওঁ প্ৰথমবাৰৰ বাবে আদালতত আত্মসমৰ্পণ কৰিছিল। ইয়াৰ লগে লগে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে মগ শ্বটৰ ( গ্ৰেপ্তাৰৰ পাছত কান্ধৰ পৰা ওপৰলৈ এজন ব্যক্তিৰ ফটো লোৱা প্ৰক্ৰিয়া) সন্মুখীন হ'ব লাগিব। ইয়াৰ লগে লগে ট্ৰাম্পেই হ'ব প্ৰথম আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি যিয়ে মগ শ্বটৰ সন্মুখীন হৈছে। ট্ৰাম্পে জৰ্জিয়াত ১৩ টা বিভিন্ন গোচৰৰ সন্মুখীন হৈছে। যাৰ ভিতৰত আছে জালিয়াতিৰ অভিযোগ, মিছা বিবৃতি আদি। ট্ৰাম্পৰ কেইবাজন সহকৰ্মীয়েও ইতিমধ্যে আত্মসমৰ্পন কৰিছে। অৱশ্যে ৩০ মিনিটৰ বাবেহে গ্রেপ্তাৰ কৰা হয় ড’নাল্ড ট্রাম্পক। ২ লাখ ডলাৰ ব’ণ্ডত জামিন লাভ ড’নাল্ড টাম্পৰ।
.jpeg)
0 Comments:
Post a Comment