আৰক্ষীৰ কুচ-কাবাজ আৰু লেজাৰ শ্ব'ত মুখৰ হ'ল দীঘলীপুখুৰী
গুৱাহাটী,১৩ আগষ্টঃ আজাদী কা অমৃত মহোৎসৱৰ সমাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসম আৰক্ষীয়ে দেওবাৰে গুৱাহাটী মহানগৰীত কুচ-কাৱাজ প্ৰদৰ্শন কৰে। লতাশিল খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই কুচ-কাৱাজ প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লতাশিলৰ পৰা আৰম্ভ হোৱা কুচ-কাৱাজ লেম্বৰোড হৈ জিলা পুথিভঁড়ালেৰে সন্দিকৈ মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, চি জে এম কৰ্ট হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখেৰে আহি ৱাৰ মেম'ৰিয়েলত সমাপ্ত হয়। ৱাৰ মেম'ৰিয়েলত বায়ু সেনাৰ ব্ৰেণ্ড শ্ব’ হোৱাৰ পিছতে দীঘলীপুখুৰীত চমকপ্রদ আতচবাজী আৰু দৃষ্টিনন্দন লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হয়।




0 Comments:
Post a Comment