সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ ক্ষোভ প্ৰকাশ সদৌ তিৱা ছাত্ৰ সন্থাৰ



 গুৱাহাটী,১৩ আগষ্টঃ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ তীব্র বিষোদগাৰ আৰু প্ৰতিক্রিয়া ব্যক্ত কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাই। দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সন্থাৰ সভাপতি চেনিৰাম মালাং আৰু সাধাৰণ সম্পাদক বিমান প্ৰতীম মছৰেং এখন সংবাদমেল সম্বোধন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। সংবাদমেলত সভাপতি চেনিৰাম মালাঙে কয় যে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত সাংবিধানিক অধিকাৰ তথা ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ত শাসন বিচাৰি মূল লক্ষ্য বা মন্ত্ৰ হিচাপে লৈ প্ৰতিষ্ঠা লাভ কৰা সন্থাই মধ্য অসমত এক আমূল পৰিবৰ্তন বিচাৰে। মধ্য অসমত এক স্থায়ী প্রশাসনিক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে বিগত তিনিটা দশক অতিক্ৰম কৰি জনতাৰ মাজত নৱজাগৰণৰ জড়িয়তে এক গণতান্ত্রিক সংগ্রাম অব্যাহত ৰাখিছে। তেওঁ কয় যে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াত মধ্য অসমৰ তিৱা সকলক সংৰক্ষণ নকৰি ৰাজনৈতিক ভাৱে পংগু কৰি দিছে। এই কথা মধ্য অসমৰ তিৱা ৰাইজে কোনো পধ্যেই মানি নলয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ সকলো ভূমিপুত্র জনজাতি সকলে ৰাজনৈতিক ভাৱে সুৰক্ষিত হ'ল। কিন্তু মধ্য অসমত বসবাস কৰা তিৱা সকল ৰাজনৈতিক ভাৱে সুৰক্ষিত নহ'ল বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ নামতহে নির্বাচন আয়োগে কৰিছে। প্ৰকৃততে মুখ্যমন্ত্রীৰ নিৰ্দেশত মন্ত্রী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংহালৰ বাহিৰে বেলেগে এই কাম কৰা নাই। মধ্য অসমৰ তথা মৰিগাঁও জিলাৰ বিধায়ক তথা মন্ত্ৰী হিচাপে পীযুষ হাজৰিকাৰ ওপৰত সম্পূর্ণ দোষাৰোপ কৰিছো বুলি উল্লেখ কৰি তেওঁ কয় যে মন্ত্রীগৰাকী তিৱা জাতিৰ বৈৰী হয়। আগন্তুক নির্বাচন সমূহত বাধাৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্রী পীযুষ হাজৰিকাক সকিয়াই দি তেওঁ কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এটা সহজ সৰল জাতিক খঙাল জাতিত পৰিণত কৰিলে। মুখ্যমন্ত্রীক জনজাতি বিৰোধী আখ্যা দি তেওঁ কয় যে বিজেপি দল বা চৰকাৰৰ এজেঞ্চী তিৱা স্বায়ত্ত পৰিষদত থকা সকলোকো ওফৰাই দিব লাগিব। এইসকলে তিৱা পৰিষদত থাকি লাভ নাই বুলি সদৰি কৰি তেওঁ কয় যে বিজেপি চৰকাৰে কৰা ৰাজনৈতিক প্ৰতাৰণা আৰু বঞ্চণাৰ বিৰুদ্ধে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ'ব। আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয় যে ১৯ আগষ্টত ২৪ ঘণ্টীয়া মধ্য অসম বন্ধ পালন কৰা হ'ব। লগতে ২০ আগষ্টৰ পৰা ষষ্ঠ অনুসূচী স্বায়ত্ত শাসনৰ দাবীত আঞ্চলিক ভিত্তিত গণসচেতনতা সভা অনুষ্ঠিত কৰা হ'ব। তদুপৰি ২৮ আগষ্টত মৰিগাঁও সদৰত গণধর্ণা কাৰ্যসূচী পালন কৰাৰ লগতে ৩১ আগষ্টত ২৪ ঘণ্টীয়া মধ্য অসম বন্ধ আৰু ৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হ'ব বুলি তেওঁ কয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment