মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ


গুৱাহাটী,৮ আগষ্টঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ব্যাপক প্ৰতিবাদ। খাদ্য সামগ্ৰী, শাক-পাচলি, ঔষধকে ধৰি সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত হেঙেৰাবাৰীস্থ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে অসম তৃণমূল কংগ্ৰেছে বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে আটক কৰি লৈ যায়। বিক্ষোভ কাৰ্য্যসূচীত অংশ লোৱা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি আন নেতা-কৰ্মীসকলক আৰক্ষীয়ে ট‍ানি-আঁজোৰি লৈ যায়। প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক সমিতি, অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছ, কামৰূপ তৃণমূল কংগ্ৰেছ, কামৰূপ তৃণমূল মহিলা কংগ্ৰেছ আৰু কামৰূপ তৃণমূল যুৱ কংগ্ৰেছৰ সতীৰ্থসকলেও অংশ লয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment