মণিপুৰৰ প্ৰসংগত সদনত প্ৰধানমন্ত্রীক কঠোৰ ভাষাৰে সমালোচনা সাংসদ গৌৰৱ গগৈৰ


নিউজ ডেক্স,৮ আগষ্টঃ লোকসভাত অনাস্থা প্ৰস্তাৱৰ আলোচনা। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এই অনাস্থা প্ৰস্তাৱৰ আৰাম্ভণীত বক্তব্য প্ৰদান কৰে। মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কৰে গগৈয়ে। তেওঁ কয় যে মণিপুৰৰ ন্যায় গুৰুত্বপূৰ্ণ। মণিপুৰে আজি ন্যায়ৰ দাবী কৰিছে। প্ৰতিগৰাকী নাৰী, শিক্ষাৰ্থীসকলে ন্যায় দাবী কৰে। প্ৰধানমন্ত্ৰী মণিপুৰলৈ কিয় যোৱা নাই বুলি প্ৰশ্ন কৰি তেওঁ কয় যে মণিপুৰৰ ওপৰত কথা পাতিবলৈ কিয় ৮০ দিন লাগিল আৰু সেয়াও মাত্ৰ ৩০ ছেকেণ্ডৰ বাবে। বহু ঠাইত মুখ্যমন্ত্ৰী সলনি হৈছিল, মণিপুৰত কিয় নহয় বুলিও তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে দুটা সম্প্ৰদায়ৰ মাজত কেতিয়াও এনে বিভাজন দেখা নাই। আপোনালোকৰ ৰাজনীতিয়ে মণিপুৰক দুখন বনাই দিলে। ভিডিঅ' ভাইৰেল নোহোৱাহেতেন প্ৰধানমন্ত্রীয়ে এটা শব্দও নক'লেহেতেন বুলি তেওঁ কয়। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে সদনত মণিপুৰ সন্দৰ্ভত এটা বিবৃতি দিয়াটো বিৰোধীয়ে বিচাৰিছিল। কিন্তু প্ৰধানমন্ত্রী নীৰৱ হৈ থাকিল। এই অনাস্থা প্ৰস্তাৱ আমাৰ বাধ্যবাধকতা বুলি সদৰি কৰি তেওঁ কয় যে এয়া কেতিয়াও সংখ্যাৰ বিষয়ে নাছিল কিন্তু মণিপুৰৰ বাবে ন্যায় সম্পৰ্কে আছিল। উল্লেখ্য যে মণিপুৰৰ ঘটনা সন্দৰ্ভত সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰিছে যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো বক্তব্য ৰখা নাই।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment