সাংসদ পদ ঘূৰাই পোৱাৰ পাছতে ৰাহুল গান্ধীক সাক্ষাৎ কৰি অভিনন্দন জনালে ভূপেন বৰাই
গুৱাহাটী,৭ আগষ্টঃ সাংসদ পদ ঘূৰাই পোৱাৰ পিছতে আজি সংসদ ভৱনৰ সন্মূখত ৰাহুল গান্ধীক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁক সংগ দিয়ে সাংসদ গৌৰৱ গগৈ, প্ৰদুৎ বৰদলৈ, আব্দুল খালেক আৰু অজিত কুমাৰ ভূঞাৰ লগতে প্ৰণৱ বৰুৱা আৰু মুকুল হুছেইনে। ৰাহুল গান্ধীৰ সৈতে ভূপেন বৰাই আটাইকেইগৰাকী নেতাৰে মিলি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পূৰ্বে সভাপতি ভূপেন বৰাই কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীকো সাক্ষাৎ কৰে। ছোনিয়া গান্ধীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেখেতৰ সৈতে এক আলোচনাতো মিলিত হয় সভাপতি বৰা।

0 Comments:
Post a Comment