নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আপৰ প্ৰতিবাদ, ৰ‍াজ্যপাললৈ স্মাৰক পত্র


গুৱাহাটী,১ ছেপ্তেম্বৰঃ নিযুক্তি সম্পৰ্কীয় কেলেংকাৰীৰ তদন্ত উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰোৱাৰ দাবীত আজি আম আদমী পাৰ্টী চমুকৈ আপে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ ভৱনৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰি আপে দাবী সম্বলিত এখন স্মাৰক পত্র ৰাজ্যপাললৈ প্ৰেৰণ কৰে। স্মাৰক পত্রত কোৱা হয় যে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত চাকৰি দিয়াৰ সন্দৰ্ভত এজন এজনকৈ কেইবাগৰাকীও লোক গ্রেপ্তাৰ হোৱা আৰু অভিযুক্তসকলৰ স্বীকাৰোক্তিৰ ভিত্তিতেই অসম চৰকাৰৰ নিযুক্তি প্রক্রিয়াত যে সাংঘাতিকভাৱে দুর্নীতি হৈছে সেয়া স্পষ্ট হৈছে। ২০২২ চনত APSCত লিখিত পৰীক্ষা অবিহনেই প্রার্থী বাছনি কৰাৰ কেলেংকাৰীৰ কথা বাতৰি কাকতত প্ৰকাশ পাইছে। লগতে ২০২২ চনত দিব্যাংগসকলৰ নিযুক্তিতো পৰীক্ষা নিদিয়া ৬ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত তালিকাত সোমোৱা বুলি বাতৰি কাকতত প্ৰকাশ পাইছে। সেয়াই নহয় বিজ্ঞাপন আৰু সাক্ষাতকাৰ অবিহনেই ২১৭ গৰাকী প্ৰাৰ্থীক পিছদুৱাৰেদি মীন বিভাগত নিযুক্তি দিয়াৰ ঘটনাও অসমৰ ৰাইজ অৱগত আৰু যিটো বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়েও হস্তক্ষেপ কৰিছে। আনহাতে চলিত আগষ্ট মাহৰ ২০২৩ চনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত এজনৰ ঘৰত ৪২খন এডমিত কাৰ্ড আৰু আন এজনৰ ঘৰত ৫০খন এডমিত কাৰ্ড উদ্ধাৰ হৈছে৷ নিযুক্তি কেলেংকাৰীত গ্রেপ্তাৰ হোৱাসকলৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নিযুক্তি প্রক্রিয়াত যে দুর্নীতি-কেলেংকাৰী হৈছে সেয়া অসমবাসী ৰাইজ নিশ্চিত হৈছে। লগতে বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত চাকৰি দিয়া অভিযুক্তসকলৰ স্বীকাৰোক্তিত সঘনাই ন ন তথ্য পোহৰলৈ আহিছে৷ লগতে কোনোবা 'ওপৰ মহল'লৈও লাখে লাখে টকা যায় বুলিও গ্ৰেপ্তাৰ হোৱা এজনে প্ৰকাশ কৰিছে। কিন্তু কোন এই 'ওপৰ মহল' সেয়া বর্তমান ৰহস্যৰ আৱৰ্তত আছে বুলি স্মাৰক পত্রত উল্লেখ কৰা হয়। আপে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা কেলেংকাৰী সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰি দোষীয়ে যাতে কোনো সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় সকলোখিনি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু অপৰাধীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায়।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment