স্বাধীনতা দিৱসত পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া-জোৱান সকলক সম্বৰ্ধনা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ
গুৱাহাটী,২ ছেপ্টেম্বৰঃ সদ্যসমাপ্ত স্বাধীনতা দিৱসত পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া আৰু জোৱান সকলক শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গুৱাহাটীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অফিচাৰ মেচৰ সভাকক্ষত আয়োজন কৰা অনুষ্ঠানত পদক লাভ কৰা সকলক সম্বৰ্ধনা জ্ঞাপন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। পদক লাভ কৰা সকলক শুভেচ্ছা জ্ঞাপন কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে পদক লাভ কৰাটো আৰম্ভনীৰ খোজ। অসম আৰক্ষীক যিটো পৰ্যায়লৈ নিব খোজা হৈছে সেই যাত্রাটো বৰ দীঘলীয়া বুলি সদৰি কৰি তেওঁ কয় যে পদক পালে ৰৈ যাম বুলি ভাবিলে নহ'ব। পদক হৈছে এতিয়ালৈকে কৰা কামৰ স্বীকৃতি। ক্ৰিমিনেল ইনভেষ্টিগেচন ভাল কৰাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে আমাৰ যাত্রা যথেষ্ট দীঘলীয়া। তেওঁ লগতে কয় যে কনভিকচন ৰেট ৫ শতাংশৰ পৰা আৰম্ভ কৰি যোৱা মাহত ১৪.৮ শতাংশ হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ ৬০ শতাংশ। আনহাতে প্ৰত্যাহ্বান সন্দৰ্ভত তেওঁ কয় যে অসমৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ বাবে তেওঁ চাৰি-পাঁচ দিন পূৰ্বে চৰকাৰলৈ পত্র প্ৰেৰণ কৰিছে। ইয়াৰ ফলত ইতিমধ্যে ৰাজ্যত প্ৰতিষ্ঠা কৰা শান্তি বাহাল ৰাখিব লাগিব বুলি সদৰি কৰি তেওঁ কয় যে য'ত কিছু পৰিমাণে সন্ত্রাসবাদী কাৰ্যকলাপ অব্যাহত আছে তাত আমি যুঁজ দিব লাগিব। সন্ত্রাসবাদী কাৰ্যকলাপ অসম আৰক্ষীয়ে নিৰ্মূল কৰিব লাগিব বুলি তেওঁ কয়। এইটো অসম আৰক্ষীৰ বাবে গধুৰ দায়িত্ব বুলি তেওঁ লগতে সদৰি কৰে। পদক লাভ কৰা সকলক উদ্দেশ্যি তেওঁ কয় যে পদক লাভ কৰা সকলৰ দায়িত্ব বহু বেছি। কোনো ধৰণৰ গণ্ডগোল তথা দুৰ্নীতিত লিপ্ত হ'ব নালাগে বুলি পদক লাভ কৰা সকলক উদ্দেশ্যি তেওঁ কয় যে দুৰ্নীতিৰ ক্ষেত্রত অসম আৰক্ষী শূণ্য সহনশীল। এইক্ষেত্রত কোনো ধৰণৰ আপোচ কৰা নহ'ব। পদক লাভ কৰা সকল দুনীৰ্তিত লিপ্ত হ'লে পুলিছৰ বদনাম হোৱাৰ উপৰি পদকৰ লগতে পদক দিয়াসকলৰো বদনাম হ'ব। তেওঁ সকলোকে নিজৰ কৰ্ত্তব্য আৰু দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে আহ্বান জনায়। উল্লেখ্য যে ২০২৩ বৰ্ষৰ স্বাধীনতা দিৱসৰ অসম আৰক্ষীৰ আঠজনে পুলিচ মেডেল ফ'ৰ গেলেণ্ট্ৰী, ১৩ জনে পুলিচ মেডেল ফ'ৰ মেৰিটৰীয়াচ চাৰ্ভিছ, চাৰিজনে তদন্তৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উৎকৃষ্টতাৰ পদক, ১৮ জনে মুখ্যমন্ত্রীৰ বিশেষ সেৱা পদক আৰু ১৯ জনে মুখ্যমন্ত্ৰীৰ অসাধাৰণ সেৱাৰ পদক লাভ কৰে।


0 Comments:
Post a Comment