পাঁচ বছৰত অসমৰ পৰা বিতাড়ন কৰা হৈছে মাত্র দুজন বিদেশীক


গুৱাহাটী,১১ ছেপ্টেম্বৰঃ বিদেশী বহিষ্কাৰৰ নামত প্ৰকৃততে ৰাজ্যত কি চলিছে সেয়া উন্মোচিত হ’ল অসম বিধানসভাত। সোমবাৰে অনুষ্ঠিত হোৱা বিধানসভাৰ শৰতকালীন অধিৱেশনত পোহৰলৈ আহে এক উদ্বেগজনক তথ্য। এই তথ্যই বিদেশী বহিষ্কাৰৰ নামত ৰাজ্য চৰকাৰে ভেঁকো-ভাওনাহে প্ৰৰ্দশন কৰিলে সেয়া স্পষ্ট হৈ পৰে। উল্লেখ্য যে বিধানসভাত ৰাজ্যৰ গৃহ বিভাগে দাঙি ধৰা এই তথ্য অনুসৰি ৰাজ্যত সৰ্বমুঠ ‘ডি’ ভোটাৰ আছে ৯৯,৯৪২ গৰাকী। সেই অনুসৰি ২০১৬ চনৰ পৰা ৰাজ্যত ৫ বছৰত মাত্র দুজন বিদেশীকহে অসমৰ পৰা বিতাড়ন কৰাৰ তথ্যও পোহৰলৈ আনে বিভাগটোৱে। ২০১৪ চনত বাংলাদেশৰ এজন নাগৰিকক বিতাড়ন কৰাৰ সমান্তৰালভাৱে ২০১৮ চনত আফগানিস্তানৰ এজন নাগৰিকক বিতাড়ন কৰাৰ তথ্য আছে গৃহ বিভাগৰ হাতত। এই তথ্য পোহৰলৈ অহাৰ লগে লগে ৰাজ্যতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment