নিউজ ডেক্স,১২ ছেপ্টেম্বৰঃ জি-২০ সন্মিলনত ভাগ লোৱা ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ পত্নীলৈ কদম কাঠৰ বাকচত অসমৰ গলবস্ত্ৰ উপহাৰ হিচাপে আগবঢ়োৱা হৈছে। এই উপহাৰ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে অসমৰ গলবস্ত্ৰ হৈছে অসমত বোৱা পৰম্পৰাগত বস্ত্ৰ বিশেষ। নিপুণ শিপিনীসকলে মুগা ছিল্ক ব্যৱহাৰেৰে এয়া প্ৰস্তুত কৰি উলিয়াইছে। এই বস্ত্ৰ চকুত লগা ডিজাইন আৰু আৰ্হিৰ বাবে জনাজাত। অঞ্চলটোৰ প্ৰাকৃতিক পৰিবেশৰ অনুপ্ৰেৰণাৰে, বিশেষকৈ উদ্ভিদকুল আৰু প্ৰাণীকুলৰ উপাদানসমূহ প্ৰদৰ্শন কৰি এয়া প্ৰস্তুত কৰা হয়। অসমৰ এই গলবস্ত্ৰ কেৱল পোছাক-পৰিচ্ছদেই নহয়, বৰঞ্চ ই অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ জনসাধাৰণৰ বয়ন শিল্পৰ পৰম্পৰাক মূৰ্ত কৰি তোলে। অসমৰ গলবস্ত্ৰ মাথো বয়নতে সীমাবদ্ধ নহয়, বৰঞ্চ ই গৰিমামণ্ডিত সাংস্কৃতিক ঐতিহ্য আৰু শৈল্পিক পৰম্পৰাক উদ্ভাসিত কৰি তোলে। এই গলবস্ত্ৰ কদম কাঠৰ বাকচত ভৰাই প্ৰদান কৰা হৈছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ পত্নীক। ভাৰতীয় সংস্কৃতিত কদম কাঠক পৱিত্ৰ উপাদান হিচাপে গণ্য কৰা হয় আৰু ভাৰতীয় ধৰ্ম তথা পৌৰাণিক কাহিনীসমূহত ইয়াৰ উল্লেখ আছে। কৰ্ণাটকৰ শিল্পীসকলে হাতেৰে এই বাকচ গঢ়ি উলিয়াইছে।


0 Comments:
Post a Comment