১৩২৪ গৰাকী চাফাই কৰ্মচাৰীৰ পুনৰ সংস্থাপনৰ দাবীত চচলত আমৰণ অনশন

 

গুৱাহাটী,১২ ছেপ্তেম্বৰঃ অসম ক'ভিড-১৯ চাফাই কৰ্মচাৰী সন্থাৰ হৈ কৰুণা কান্ত পাঠকে চচলত অনির্দিষ্টকালৰ বাবে আৰম্ভ কৰা অনশন কার্যসূচীলৈ সমৰ্থন আগবঢ়াইছে আম আদমি পার্টীয়ে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ক'ভিড ১৯ৰ বিশ্বব্যাপী মহামাৰীৰ সময়ত বৃহৎ সংখ্যক ক'ভিড চিকিৎসালয়, ক'ভিড যত্ন কেন্দ্ৰ আৰু সংৰক্ষণ কেন্দ্ৰ সৃষ্টি কৰিছিল আৰু তাত ৰোগীসকলৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে বৃহৎ সংখ্যক কর্মী নিযুক্তি দিছিল। তদানীন্তন স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১৩২৪ জন ক'ভিড যোদ্ধাৰ চাকৰি নিয়মীয়া কৰাৰো মৌখিক আশ্বাস দিছিল। আম আদমি পার্টীয়ে কৰুণা কান্ত পাঠকে মুখ্যমন্ত্ৰীক তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আৰু এই ক'ভিড যোদ্ধাসকলক চাকৰি নিয়মীয়া কৰিবলৈ বা প্রতিশ্রুতি পালন কৰিব নোৱাৰাৰ বাবে যোৱা তিনি বছৰ ধৰি এই লোকসকলক ক্ষতিপূৰ্ণ দিবলৈ জনোৱা দাবীৰ সমৰ্থন আগবঢ়াইছে। আজি চচলত দলটোৰ হৈ ৰাজ্যিক নেত্রী অনুৰূপা ডেকাৰাজা, আৰতি দেৱী আৰু পুনম মহেশ্বৰী উপস্থিত থাকি চৰকাৰক তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ বাবে দাবী জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment