বশিষ্ঠত দাহন কৰা হ'ল বলবমত জব্দ কৰা নিচাজাতীয় সামগ্ৰী




গুৱাহাটী,৩ চেপ্তেম্বৰঃ গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ সমীপত দেওবাৰে দাহন কৰা হয় ড্ৰাগছ আৰু গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী‌। উল্লেখ্য যে পবিত্ৰ বলবম উৎসৱৰ সময়ত জব্দ কৰা হৈছিল এইসমূহ নিষিদ্ধ সামগ্ৰী। বলবম পৰিচালনা সমিতি, বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি, যুৱ ঐক মঞ্চ, বশিষ্ঠ প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল-সংগঠনৰ উদ্যোগত আজি ৰাজহুৱাকৈ দহন কৰা হয় এইসমূহ নিষিদ্ধ সামগ্ৰী। উল্লেখ্য যে এই বৰ্ষত পবিত্ৰ বলবম পালন কৰা হৈছে দহটাকৈ দেওবাৰে। শাওন মাহত অনুষ্ঠিত হোৱা পৱিত্ৰ বলবম ৰাজ্যৰ লগতে মহানগৰীৰ বশিষ্ট আশ্ৰমতো পালন কৰা হৈছিল। কিন্তু এইবাৰো বলবমত বশিষ্ঠ আশ্ৰমত ভক্তিৰ নামত একাংশ দুষ্টচক্ৰৰ সমাগম ঘটিছিল। এইবাৰো বলবমৰ সময়ত উদ্ধাৰ হৈছিল ড্ৰাগছ, মদ, ভাংকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী। লক্ষণীয় বিষয় যে এইবাৰৰ বলবমত নিশা ড্ৰাগছ আসক্তৰে ভৰি পৰিছিল বশিষ্ঠ মন্দিৰৰ চৌহদ। নিশা হাতে হাতে ড্ৰাগছ লৈ মন্দিৰ চৌহদত প্ৰৱেশৰ চেষ্টা কৰিছিল ভক্তৰ ৰূপত নিচাসক্ত একাংশ যুৱকে। স্থানীয় ৰাইজৰ উদ্যোগত বল বমত জব্দ হৈছিল প্ৰতিদিনে বৃহৎ পৰিমাণৰ নিছা জাতীয় সামগ্ৰী। জব্দকৃত এই নিচাযুক্ত সামগ্ৰীসমূহ আজি বশিষ্ঠ মন্দিৰ প্ৰাংগনতেই দাহন কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ সস্ত্রও জব্দ হৈছিল এই বল বমত। এই অস্ত্ৰ সস্ত্রসমূহো আজিৰ এই কাৰ্যসূচীতে নষ্ট কৰি দিয়া হয়।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment