মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ 'বঙ্গ গৌৰৱ সন্মান'
কলকাতা,২৪ ছেপ্টেম্বৰঃ দেশৰ প্ৰখ্যাত অন্ধবিশ্বাস বিৰোধী নেতা, যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ 'বঙ্গ গৌৰৱ সন্মান' বঁটা। ৱৰ্ল্ড বুক অফ ষ্টাৰ ৰেকৰ্ডছৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এই বিশেষ সন্মান। ৱৰ্ল্ড বুক অফ ষ্টাৰ ৰেকৰ্ডছৰ উদ্যোগত বেংগলৰ বিভিন্ন গন্যমান্য লোকৰ নেতৃত্বত সুভাষ চন্দ্ৰ বসুৰ পৰিয়াল আদিৰ সহযোগত মধ্য প্ৰদেশৰ ইন্দৰ আৰু লণ্ডনস্থিত উক্ত ৰেকৰ্ড বুকে বাঙালী সমাজৰ সৌজন্যত আজি বিয়লি কলকাতাৰ হোটেল তাজত প্ৰদান কৰিব এই সন্মান। দেশৰ ভিন্ন প্ৰান্তৰ বিভিন্ন বিশেষ বিশেষ ব্যক্তিক তেওঁলোকৰ উত্তম সেৱা তথা কাৰ্যৰ বাবে উক্ত বঁটা প্ৰদান কৰিব। মানৱতা আৰু মানৱ অধিকাৰৰ বিশেষ সেৱা শিতানত আগবঢ়োৱা এই বঁটা গ্ৰহণৰ বাবে ডঃ দিব্যজ্যোতি শইকীয়া ইতিমধ্যে কলকাতাত আহি উপস্থিত হৈছে।

0 Comments:
Post a Comment