বংগ গৌৰৱ সন্মানেৰে সন্মানিত ডঃ দিব্যজ্যোতি শইকীয়া



কলকাতা,২৪ ছেপ্টেম্বৰঃ কলকাতাত ৱৰ্ল্ড বুক অৱ ষ্টাৰ ৰেকৰ্ডছ আৰু অল্টাৰনেটিভ মেডিচিন ডেভেলপমেণ্ট ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ উদ্যোগত আজি আয়োজিত ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভাৰতবৰ্ষৰ প্ৰখ্যাত অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট যুক্তিবাদী চিন্তাবিদ, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক বংগ গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়। মানৱতা আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ কামৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়। কলকাতাৰ হোটেল তাজত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয়। বঁটাৰ অংশ হিচাপে তেওঁক ট্ৰফী, প্ৰমাণ পত্ৰ, স্মৃতিচাৰণ চাদৰ আৰু ফুলৰ থোপা প্ৰদান কৰা হয়। অনুষ্ঠানত দেশৰ  বিভিন্ন পটভূমিৰ লোকক নিৰ্বাচিত কৰা হয় যিসকল লোকে নিজ নিজ ক্ষেত্ৰত ব্যতিক্ৰমী প্ৰতিভাৰে দেশ আৰু সমাজলৈ সেৱা আগবঢ়ায় আহিছে  তেওঁলোকক  এই বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাতি  চন্দ্ৰ কুমাৰ বসু , সামাজিক সাংস্কৃতিক কৰ্মী প্ৰদীপ ঘোষ, পদ্মশ্ৰী নিৰঞ্জন গোস্বামীকে আদি কৰি পশ্চিমবঙ্গৰ বহু গণ্যমান্য লোক। এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠানৰ সমন্বয়ক ডঃ ৰাজেশ পালে কয় যে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে বাংলা সংস্কৃতিৰ প্ৰসাৰ প্ৰচাৰ কৰা আৰু ভাৰবৰ্ষৰ ভিন্ন ক্ষেত্ৰৰ অসাধাৰণ প্ৰতিভাক সন্মান জনোৱা, যিটোৱে আমাৰ দেশৰ সপোনক উত্তম ৰূপত পূৰণ কৰিব। উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই বিগত দুটা দশকতকৈ অধিককাল মানৱতা,  মানৱ অধিকাৰ শান্তি, প্ৰকৃত জীৱনভিত্তিক শিক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰি আহিছে। ১৯৯৯ চনৰ পৰা  বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ শইকীয়াই মানৱ সমাজৰ হকে কাম কৰি অহাৰ লগতে ২০০৮ চনৰ পৰা ডাইনী কাণ্ড ৰোধৰ হেতু  অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি  অসমত ডাইনী কাণ্ড ৰোধৰ বাবে আইন বলৱতৰ হকে তীব্ৰ সংগ্রামেৰে যুজঁ দি সফলতাৰে  ইতিহাস ৰচনা  কৰে। তেওঁ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু মহাৰাষ্ট্ৰৰ জনজাতিসমূহৰ মাজত ভ্ৰমণ কৰি অন্ধবিশ্বাস আৰু অশুভতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি আহিছে। তেওঁ এতিয়ালৈকে ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় শান্তি বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, নেলছন মেণ্ডেলা ৰাষ্ট্ৰীয় বঁটা, বাবু জগজীৱনৰাম স্মৃতি সন্মান ৰাষ্ট্ৰীয় বঁটা, ভাৰতীয় সূৰ্য্য বঁটা, তিলকা মাঞ্জী ৰাষ্ট্ৰীয় বঁটা, ৰাষ্ট্ৰীয় গৌৰৱ আইকন বঁটা, বীৰ আব্দুল হামিদ কৰোনা যোদ্ধা বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় স্মাৰক বঁটাকে আদি কৰি এশ চল্লিশতাতকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা  লাভ কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment