আয়ুস্মান কাৰ্ড সৃষ্টি-বিতৰণত দেশৰ শ্ৰেষ্ঠ বৃহৎ ৰাজ্যৰ পুৰস্কাৰ অসমলৈ



গুৱাহাটী,২৬ ছেপ্তেম্বৰঃ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত 'আৰোগ্য মন্থন' শীৰ্ষক ৰাষ্ট্ৰীয় স্বাস্থ্য চিন্তন শিবিৰত অসমে আজি দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰে। সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ বাবে আয়ুস্মান কাৰ্ড সৃষ্টি কৰা আৰু হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণত উৎকৃষ্ট কাৰ্যপ্ৰণালী ব্যৱহাৰ কৰাৰ শিতান দুটাত অসমে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰে। আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ পঞ্চম বৰ্ষপূৰ্তিৰে সংগতি ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে সোমবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা আৰোগ্য মন্থনৰ আজি সন্ধিয়া হোৱা সামৰণি অনুষ্ঠানত অসমক দুয়োটা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ আয়ুক্ত সচিব তথা অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ সিদ্ধাৰ্থ সিং আৰু স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) তথা অটল অমৃত অভিযান সমিতিৰ উপমুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰে। উল্লেখ্য যে ২০২২ চনৰ ১ ছেপ্তেম্বৰৰ পৰা ৩১ আগষ্টলৈ এটা বছৰত এ বি-পি এম জে এ ৱাইৰ অধীনত অসমে প্ৰায় ১.৫৮ কোটি যোগ্য হিতাধিকাৰীৰ ই-কে ৱাই চি সম্পূৰ্ণ কৰি আয়ুস্মান কাৰ্ড সৃষ্টিৰে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ'বলৈ সক্ষম হয়। একেদৰে অসমে উৎকৃষ্ট কাৰ্যপ্ৰণালী তথা ব্যৱস্থাপনাৰ সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণ সম্ভৱ কৰি তোলাৰ স্বীকৃতি হিচাপে দ্বিতীয়টো শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ আয়ুস্মান উৎকৃষ্টতা পুৰস্কাৰ লাভ কৰিলে। অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মান্দাভিয়াই মুখ্য অতিথি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অধ্যাপক বাঘেলে বিশিষ্ট অতিথি আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী মহন্তই সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰে। নিতি আয়োগৰ সদস্য (স্বাস্থ্য) ড০ ভি কে পাল আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া সুধাংশ পণ্টো উপস্থিত থকা সামৰণি অনুষ্ঠানটোত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মান্দাভিয়াই কয় যে ২০১৮ চনৰ ২৩ ছেপ্তেম্বৰ পৰা আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্যৰূপায়ন হোৱাৰে পৰা দেশৰ দুখীয়া পৰিয়ালসমূহেও  ধনীশ্ৰেণীৰ লোকৰ দৰেই অত্যাধুনিক চিকিৎসালয়তো উৎকৃষ্ট চিকিৎসা সেৱা গ্ৰহণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। এই আঁচনিয়ে আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক স্বাস্থ্য নিশ্চয়তা প্ৰদান সমান্তৰালকৈ দুখীয়া লোকসকলৰ সামাজিক সবলীকৰণতো মহত্বপূৰ্ণ অৰিহণা যোগাইছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে দেশৰ নাগৰিকসকল সুস্থ হৈ থাকিলেহে সমাজ আৰু দেশ সুস্থ হৈ প্ৰগতিৰ দিশত আগবাঢ়িব। সমাজৰ পিছপৰা আৰু আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালসমূহকো উন্নত, অত্যাধুনিক চিকিৎসা সেৱাৰ সুনিশ্চয়তা প্ৰদানৰ জৰিয়তেহে সমাজ আৰু দেশৰ প্ৰগতি ত্বৰান্বিত কৰাটো সম্ভৱ হ'ব বুলি তেওঁ কয়। অনুষ্ঠানত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ভাষনত অসম চৰকাৰেও সকলোৰে বাবে সুস্বাস্থ্যৰ লক্ষ্য পূৰণৰ দিশত আগবাঢ়িছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ পৰা বঞ্চিত হৈ ৰোৱা ৰেছনকাৰ্ড থকা অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালসমূহকো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰে কেন্দ্ৰীয় আঁচনিখনৰ সমানেই বছৰি পাঁচ লাখ টকালৈ নগদবিহীন চিকিৎসা সেৱা উপলব্ধ কৰি স্বাস্থ্য নিশ্চয়তা প্ৰদান কৰি আয়ুস্মান অসম মুখ্যমন্ত্ৰী জন‌‌‌ আৰোগ্য যোজনা যোৱা ১০ মে'ৰ পৰা শুভাৰম্ভ কৰাৰ বিষয়ে তেওঁ অৱগত কৰে। এ বি-এম এম জে এ ৱাই আৰু এ এ-এম এম জে এ ৱাই আঁচনি দুখনৰ জৰিয়তে অসমৰ মুঠ ১.৯৮ কোটি আৰ্থিক ভাৱে দুৰ্বল লোকক আয়ুস্মান কাৰ্ডৰ স্বাস্থ্য নিশ্চয়তা প্ৰদান কৰিবলৈ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। ইতিমধ্যে অসমে ইয়াৰে ১.৫৮ কোটি হিতাধিকাৰীৰ ই-কে ৱাই চি পঞ্জীয়ন সম্পূৰ্ণ কৰিছে আৰু অৱশিষ্ট যোগ্য লোকসকলৰো ৩১ অক্টোবৰৰ ভিতৰতে ই-কে ৱাই চি পঞ্জীয়ন সম্পূৰ্ণ কৰি আয়ুস্মান কাৰ্ড প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment