ছুপাৰি কেলেংকাৰী জড়িত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক চি আই ডিৰ জিম্মালৈ

 

গুৱাহাটী,৪ ছেপ্টেম্বৰঃ ছুপাৰি কেলেংকাৰীৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা দুই আৰক্ষী বিষয়াক চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৫ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ডি এছ পি পুষ্কল গগৈ আৰু এছ পি সিদ্ধাৰ্থ বৰগোহাঁইক। সোমবাৰে চি জে এম আদালতত হাজিৰ কৰোৱা হৈছিল এই দুয়োজন আৰক্ষী বিষয়াক। ছুপাৰি ব্যৱসায়ীক ধন দাবী কৰা ঘটনাৰ অভিযোগত সোমবাৰে পুৱাৰ ভাগত ডি এছ পি পুষ্কল গগৈ গ্ৰেপ্তাৰ হোৱাৰ সমান্তৰালভাবে বজালীৰ সদ্য বদলিপ্ৰাপ্ত এছ পি সিদ্ধাৰ্থ বুঢ়াগোঁহাইকো চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল। মাৰাথান জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰিছিল চি আই ডিয়ে। উল্লেখ্য যে, অসম আৰক্ষীয়ে ছুপাৰি ব্যৱসায়ীক ৫ কোটি টকা ধন দাবী কৰাৰ কথা পোহৰলৈ অহাত চি আই ডিয়ে তদন্ত কৰি বজালী আৰক্ষীৰ ৭ জনকৈ বিষয়া-কৰ্মচাৰীৰ নাম প্ৰকাশ কৰিছিল। এই ঘটনাত শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস, এ এছ পি গায়ত্রী সোণোৱালৰ দেহৰক্ষী এ বি চি ইনাজামামুল হাছান, গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদক।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment