কাহিলিপাৰা চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষী দিৱস উদযাপন
গুৱাহাটী,১ অক্টোবৰঃ অসম আৰক্ষীৰ বীৰ-শ্বহীদ সকলক স্মৰণ কৰি দেওবাৰে ৰাজ্যজুৰি 'অসম আৰক্ষী দিৱস' উদযাপন কৰা হয়। গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম আৰক্ষীৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা অসম আৰক্ষী দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই। অনুষ্ঠানত অসম আৰক্ষীৰ আকৰ্ষনীয় কুচ-কাবাজ প্ৰদৰ্শন কৰা হয়। আনহাতে মুখ্য অতিথি আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই অসম আৰক্ষীৰ মাৰ্চপাচৰ অভিবাদন গ্ৰহণ কৰে। ভাষণ প্ৰসংগত আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই কয় যে অসম আৰক্ষীত কাম কৰাৰ অভিজ্ঞতাই তেওঁক আগুৱাই যোৱাত বিশেষভাৱে সহায় কৰিছিল। অসম আৰক্ষীৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁ য'তেই নাযাওক কিয় অসম আৰক্ষীৰ জয়গান গাবলৈ কুণ্ঠাবোধ নকৰে। তেওঁ লগতে কয় যে উত্তৰ-পূবৰ ভূখণ্ডত অসম আৰক্ষীৰ অৱদানৰ বিষয়ে ভাৰতৰ ৰাইজ সম্পূৰ্ণৰূপে অৱগত নহয়। এইক্ষেত্রত আৰু অধিক প্ৰচাৰ কৰা উচিত বুলি তেওঁ কয়। অসমৰ আজিৰ এই সুৰক্ষিত পৰিৱেশৰ অন্তৰালত অসম আৰক্ষীৰ বিশেষ ভূমিকা আছে। অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ কৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসৰ বিষয়ে সদৰি কৰে। অসম আৰক্ষীয়ে বহু জটিল পৰিস্থিতিত ৰাজ্যখনৰ বাবে সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্ত্তমান সময়ত ৰাজ্যখনত শান্তি বাতাবৰণ গঢ় লৈ উঠিছে। তেওঁ লগতে কয় যে আজিৰ পৰা অসমৰ মাত্র চাৰিখন জিলাত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) থাকিব। বাকী জিলাসমূহৰ পৰা সম্পূৰ্ণৰূপে এই আইন আঁতৰ কৰোৱা হৈছে। ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউৰ বাহিৰে অসমৰ আন জিলা আজিৰে পৰা অশান্ত অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰা হৈছে। অসম আৰক্ষী আজি যিটো পৰ্যায়ত উপনীত হৈছে তাৰ আঁৰত আৰক্ষী জোৱানসকলৰ বিশেষ অৱদান আছে বুলি তেওঁ কয়। লগতে তেওঁ গৃহৰক্ষী বাহিনীৰ জোৱান সকলৰ অৱদানৰ কথাও ভাষণত সদৰি কৰে। অনুষ্ঠানত অসম আৰক্ষীৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।


0 Comments:
Post a Comment