ৰাজ্যৰ শিক্ষাখণ্ডত সংযোজিত হ'ল অনলাইন বৃত্তিমুখী পাঠ্যক্ৰম


গুৱাহাটী,৫ ছেপ্টেম্বৰঃ শ্ৰেণীকোঠাৰ বাহিৰত অনলাইন মাধ্যমেৰে বৃত্তিমুখী পাঠ্যক্ৰমৰ সুবিধা গ্ৰহণৰ ব্যৱস্থাৰে মুকলি কৰা হৈছে পৰ্টেল। আজিৰে পৰা ৰাজ্যৰ উচ্চশিক্ষাত সংযোজিত হ'ল অনলাইন বৃত্তিমুখী পাঠ্যক্ৰম। এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুসৰি অনলাইনৰ মাধ্যমেৰে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিব পাৰিব। আজি গুৱাহাটীৰ কাহিলিপাৰাস্থ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত পৰ্টেলটো মুকলি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। অসম চৰকাৰ আৰু ইনফ'চিচৰ মাজত হোৱা চুক্তি মৰ্মে ইনফ'চিচে এই পৰ্টেলটো প্ৰস্তুত কৰিছে। ভাষণ প্ৰসংগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে স্ব-ইচ্ছাই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব আৰু নিয়োগৰ সুবিধা লাভ কৰিব। প্ৰসংগক্ৰমে তেওঁ ইতিমধ্য প্ৰৱৰ্তন কৰা চৰকাৰৰ স্বয়ম পৰ্টেলৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে অফলাইনত লিমিটেড পাঠ্যক্ৰম থাকে যদিও অনলাইনত কোনো লিমিট নাই। ইয়াত ১২ হাজাৰৰো অধিক পাঠ্যক্ৰম আছে বুলি উল্লেখ কৰি তেওঁ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ফেকাল্টিসকলক শিক্ষাৰ্থীসকলক এইবিষয়ে অৱগত কৰাৰ বাবে আহ্বান জনায়। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ইয়াৰ পাঠ্যক্ৰম যুগুত কৰা হৈছে। এই পৰ্টেলৰ যোগেদি ইনফ'চিচৰ বহু অনলাইন পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব। তেওঁ লগতে কয় যে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীক ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে। কেৱল বিজ্ঞান বা বাণিজ্যই নহয়, কলা শাখাটো হ'ব ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা। স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় বা তৃতীয় ষান্মাসিকৰ পিছতে বিভিন্ন ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। তাৰ বিনিময়ত ৰাজ্য চৰকাৰে দিব ক্ৰেডিট। অনুষ্ঠানত শিক্ষা বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত আছিল। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment