ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰাপ্ত কুমুদ কলিতাক নতুন দিল্লীত উষ্ম অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ


গুৱাহাটী,৬ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা 'ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩' লাভ কৰা কৃতী শিক্ষক কুমুদ কলিতাক নতুন দিল্লীত উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে কয় যৰ নিৰলস প্ৰচেষ্টা আৰু নীৰৱ সাধনাৰে সমাজত পোহৰ বিলোৱা এগৰাকী প্ৰথিতযশা ব্যক্তি হৈছে বজালী অঞ্চলৰ কুমুদ কলিতা। শিক্ষাদানৰ দৰে মহৎ বৃত্তিৰ সৈতে জড়িত থকা কলিতাই কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে দিব্যাংগ তথা অনাথ শিশুসকলক আশ্ৰয় প্ৰদান কৰি নতুন জীৱনৰ সন্ধান দিছে। দিব্যাংগ ল'ৰা-ছোৱালী তথা অনাথ শিশুৰ প্ৰতিপালন আৰু উৎকৰ্ষ সাধনৰ বাবে বিশিষ্ট সমাজসেৱক, শিক্ষক কুমুদ কলিতাই পাঠশালাত গঢ় দিয়া 'তপোবন' শীৰ্ষক শিশু-গৃহ তথা বিদ্যালয় যথাৰ্থতে পৱিত্ৰ মন্দিৰ স্বৰূপ। শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ সুনিশ্চিতকৰণেৰে তেখেতে আগবঢ়াই অহা অৱদান অত্যন্ত প্ৰশংসনীয়। নিঃস্বাৰ্থ মৰম আৰু অদম্য মনোবলেৰে মানৱপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰা কলিতাই যাতে অনাগত দিনতো ন উদ্যমেৰে কাম কৰি যাব পাৰে তাৰেই আশাৰে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে সোণোৱালে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment