ৰাজ্যজুৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম



গুৱাহাটী,৭ ছেপ্টেম্বৰঃ প্ৰদেশ যুৱ কংগ্ৰেছে আজিৰে পৰা ৰাজ্যজুৰি ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে। কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাৰ বৰ্ষপূৰ্তি উপলক্ষ্যে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছে গ্ৰহণ কৰা ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম অসমতো আৰম্ভ কৰা হৈছে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাহুল আমিনে। তেওঁ কয় যে বিগত বৰ্ষৰ আজিৰ দিনটোতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্রা আৰম্ভ কৰিছিল। দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰা, মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বিষয় লৈ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্রা কৰিছিল। এতিয়াও ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রাৰ শেষ হোৱা নাই। বিভিন্ন স্তৰৰ লোকৰ মাজলৈ গৈ ৰাহুল গান্ধীয়ে তেওঁলোকৰ সমস্যা তথা দুখ-বেদনা বুজ লৈছে। তেওঁ লগতে কয় যে ভাৰত জোড়োৰ বৰ্ষপূৰ্তি উপলক্ষ্যে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে এটা প্ৰগ্ৰেম হাতত লৈছে আৰু সেইটো হৈছে ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেম। অসমত আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰগ্ৰেমৰ যোগেদি কেতবোৰ বাৰ্তা ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব। তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ দিনত দেশত নিবনুৱাৰ হাৰ হৈছে ৭.৯৫ শতাংশ। সেইদৰে অভাৱনীয় হাৰত বৃদ্ধি পাইছে মূল্যবৃদ্ধি। এই সমস্যাৰ বিৰুদ্ধে যুৱ সমাজক লগত লৈ যুঁজ দিয়াৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব বুলি তেওঁ কয়। ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেমত কংগ্ৰেছৰ সদস্যৰ উপৰি মিত্রতা কৰা দলসমূহৰ সদস্য সকলে যোগদান কৰিব পাৰিব। ২০২৪ চনৰ ভাৰত জোড়োৰ কেম্পেইনিং টিমত এইসকল অন্তৰ্ভুক্ত হ'ব। দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে তেওঁলোকক লগত লৈ যুৱ কংগ্ৰেছে আগুৱাই যোৱাৰ বাবে চেষ্টা চলাব বুলি তেওঁ কয়। আনহাতে ভাৰত জোড়ো লিডাৰশ্বিপ প্ৰগ্ৰেমত যোগদান কৰা সকলক বিভিন্ন ক্ষেত্রত নিয়োজিত কৰা হ'ব। প্ৰতিভা বিকাশত সুযোগ দিয়া হ'ব বুলি তেওঁ কয়। সংবাদমেলত প্ৰদেশ যুৱ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment