শাৰদীয় দুৰ্গোৎসৱৰ বাবে আয়োজক কমিটিলৈ কেতবোৰ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ
গুৱাহাটী,৩ অক্টোবৰঃ সমাগত শাৰদীয় দুৰ্গোৎসৱ উপলক্ষ্যে মহানগৰ আৰক্ষী আৰু জিলা প্ৰশাসনে কেতবোৰ কঠোৰ নীতি-নিয়ম জাৰি কৰিছে। বিশেষকৈ দুৰ্গা পূজাৰ আয়োজক সকলে মানি চলিব লাগিব এই নীতি-নিৰ্দেশনা। শাৰদীয় দুৰ্গোৎসৱ সুকলমে উদযাপন কৰা সন্দৰ্ভত মঙলবাৰে মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পূজা কমিটিসমূহৰ সৈতে জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এখন বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী, পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু দুৰ্গা পূজা উদযাপন সমিতিসমূহৰ বিষয়ববীয়া বৈঠকত উপস্থিত থাকে। বৈঠকত দুৰ্গা পূজা উদযাপন সমিতিসমূহে পূজাৰ দিনকেইটাত আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত পালন কৰিবলগীয়া কিছু নিৰ্দেশনা অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাই অৱগত কৰে। তদুপৰি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নিৰ্দ্ধাৰণ কৰা নিৰ্দেশনাৰ বিষয়েও পূজা উদযাপন সমিতিসমূহক অৱগত কৰোৱা হয়। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰতিমা নিৰ্মাণত আৰু পূজাৰ সময়ত কেৱল পৰিবেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰিবলৈ, কোনোধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ, প্ৰতিমা বিসৰ্জনৰ পিছত ৰৈ যোৱা অৱশেষ যথাসম্ভৱ সোনকালে নষ্ট কৰি পেলাবলৈ, প্ৰতিমা বিসৰ্জনৰ স্থান ভালকৈ বেৰা দি লোৱাকে ধৰি কেবাটাও নিৰ্দেশনা জাৰি কৰে। পৰিষদৰ নিৰ্দেশসমূহ পালনত সৰ্বাধিক গুৰুত্ব দিবলৈ প্ৰশাসনে সমিতিসমূহক আহ্বান জনায়। জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই সঠিকভাৱে জাবৰ ব্যৱস্থাপনা কৰা, প্ৰতিখন পূজা মণ্ডপত চি চি কেমেৰা স্থাপন কৰা, পূজা মণ্ডপৰ বাবে অগ্নি নিৰ্বাপন আৰু এ পি ডি চি এলৰ সুৰক্ষা প্ৰমাণপত্ৰ সঠিকভাৱে সংগ্ৰহ কৰা, বিসৰ্জনৰ সময়ত গাড়ী আৰু মানুহৰ সংখ্যা যথাসম্ভৱ কম কৰা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত বিক্ষিপ্ত ঘটনা বা ভুল বুজাবুজি নহয় তাৰ ওপৰত চকু ৰাখিবলৈ, পূজা উদযাপনৰ নামত ৰাইজে স্বইচ্ছাই দিয়া বৰঙণিৰ বাহিৰে আন উপায়েৰে বৰঙণি সংগ্ৰহ নকৰিবলৈ, পূজা মণ্ডপৰ বাবে যাতে যানজঁট সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ নজৰ ৰাখিবলৈ, অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী সহজে যাব পৰা পথ ৰাখিহে মণ্ডপ সাজিবলৈ, আলোকজ্জাৰ সামগ্ৰী আৰু সংযোগসমূহ উপযুক্ত কাৰিকৰী জ্ঞান থকা লোকৰ দ্বাৰা পৰীক্ষা কৰি ল'বলৈ, বিসৰ্জনৰ সময়ত ৰাগিয়াল সামগ্ৰী সেৱনৰ পৰা সকলোকে বিৰত ৰাখিবলৈ পূজা উদযাপন সমিতি সমূহৰ প্ৰতি আহ্বান জনায়। আৰক্ষী আয়ুক্তগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ভংগ কৰি নিশা ১০ বজাৰ পিছত উচ্চ প্ৰাৱল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰিলে আৰক্ষী যথেষ্ট কঠোৰ হ'ব আৰু এই সন্দৰ্ভত অভিযোগ পালে আইনী ব্যৱস্থা লোৱাৰ লগতে শব্দযন্ত্ৰসমূহ জব্দ কৰাৰ দৰে পদক্ষেপো লোৱা হ'ব বুলি স্পষ্ট কৰি দিয়ে। আনন্দ ফুৰ্তিৰ মাজেৰে দূৰ্গোৎসৱ উদযাপনত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সকলোধৰণৰ সহায় কৰাৰ আশ্বাস দি আৰক্ষী আয়ুক্তগৰাকীয়ে শান্তিপূৰ্ণ আৰু সুশৃংখলিতভাৱে পূজা উদযাপনত ৰাইজৰ পৰাও সৰ্বতোপ্ৰকাৰৰ সহযোগিতা কামনা কৰে। ইফালে ফুটপাথ, বাইলেন বন্ধ কৰি পূজা অনুষ্ঠিত কৰিব নোৱাৰিব পূজা কমিটি সমূহক স্পষ্ট কৰি দিয়া হয়। আনহাতে স্থানীয় আৰক্ষী থানা সমূহে পূজা কমিটিক অনুমতি প্ৰদান কৰিব। সভাত পূজা সমিতিৰ একাংশ বিষয়াববীয়াই তেওঁলোকৰ সমস্যা, পৰামৰ্শ আদি সদৰি কৰে আৰু এইক্ষেত্রত প্ৰশাসনৰ তৰফৰ পৰা যথোপযুক্ত পদক্ষেপ লোৱাৰ নিশ্চয়তা দিয়া হয়।



0 Comments:
Post a Comment