লখিমপুৰত পাঁচ ড্রাগছ পেডেলাৰে হত্যা কৰিলে কলেজীয়া ছাত্ৰক
লখিমপুৰ,৫ অক্টোবৰঃ লখিমপুৰৰ চাপৰি গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পাঁচটা ড্ৰাগছ বেপাৰীয়ে মিলি হত্যা কৰিলে এজন কলেজীয়া ছাত্ৰক আৰু হত্যা কৰি পানীত পেলালে মৃতদেহ। নিহত ছাত্ৰজন উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ তাবিদ হুছেইন চৌধুৰী। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিয়াৰ বাবেই এই ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে পাঁচ ড্ৰাগছ সৰবৰাহকাৰীয়ে ঘুচিয়াই, লাঠিৰে মৰিয়াই হত্যা কৰিলে কলেজীয়া ছাত্ৰজনক। আজি পুৱা এছ ডি আৰ এফ বাহিনীয়ে এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। পৰিয়ালৰ অভিযোগ অনুসৰি বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত চাপৰি গাঁৱৰ পাপু হুছেইনৰ পুত্ৰ তাবিদ হুছেইনে এখন হোটেলত চাহ খাই থাকোতে ড্ৰাগছ আসক্ত যুৱকৰ দল এটাৰ সন্মুখীন হৈছিল। দলটোৱে তাবিদক উক্ত ঠাইৰ পৰা আঁতৰি যাবলৈ কৈছিল। ইয়াৰ পাছতে দলটোৱে ছাত্ৰজনক বেয়াকৈ মাৰপিত কৰি ওচৰৰ পুখুৰীত পেলাই দিয়ে। তেতিয়াৰ পৰা ছাত্ৰজন সনধানহীন হৈ আছিল। উল্লেখ যে উক্ত ড্ৰাগছ সৰবৰাহকাৰী দলটোক বাধা দিয়াৰ বাবেই এই ঘটনা সংঘটিত হয়। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি আকবৰ, বাতেন, পেটুৱা ড্ৰাইভাৰ, আমিৰ আৰু ফালুৱে ছাত্রজনক হত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে তিনি অভিযুক্তক আটক কৰিছে। তেওঁলোক হৈছে ৰহমান আলি ওৰফে পেটুৱা (৩৬), আব্দুল বাটেন চেইখ (৪৮) আৰু আকবৰ খান (৪২ )। এই আটাইকেইন চাপৰি গাঁও ১২ নং ৱাৰ্ডৰ বাসিন্দা। দুজন অভিযুক্ত পলাতক অৱস্থাত আছে। হত্যাকাণ্ডৰ ঘটনাটোক কেন্দ্র কৰি তীব্র উত্তেজনাই বিৰাজ কৰিছে চাপৰি গাওঁ অঞ্চলত।

0 Comments:
Post a Comment