কাৰাবন্দী নাৰ্গেছ মহম্মদিলৈ ২০২৩ বৰ্ষৰ নবেল পুৰস্কাৰ


নিউজ ডেক্স,৬ অক্টোবৰঃ নাৰীৰ স্বাধীনতাৰ হকে যুঁজ দি, মানৱতা আৰু ব্যক্তি স্বাধীনতাৰ হকে মাত মাতি কাৰাবন্দী হোৱা এগৰাকী যুৱতীলৈ আহিল স্বীকৃতি। কাৰাগাৰত থকাৰ সময়তে তেওঁৰ নাম ঘোষণা কৰা হ’ল শান্তিৰ নোবেল বঁটাৰ বাবে।আজি ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা। এইবাৰ এই বঁটা আগবঢ়োৱা হৈছে ইৰাণৰ সমাজকৰ্মী নাৰ্গেছ মহম্মদিলৈ। শুকুৰবাৰে এই বিষয়ে ঘোষণা কৰিলে আন্তঃৰাষ্ট্ৰীয় নোবেল কমিটিয়ে। উল্লেখ্য যে নিজ দেশৰ মহিলাৰ ওপৰত চলা নিৰ্যাতনৰ বাবে তেওঁ যুঁজি আহিছিল। মানৱ অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ বিৰুদ্ধে তেওঁ মাত মাতি আহিছে। এই সন্দৰ্ভত নোবেল কমিটীয়ে উল্লেখ কৰিছে যে মানুহৰ স্বাৰ্থৰ বাবে এই সাহসী যুঁজত তেওঁ অনেক মূল্য পৰিশোধ কৰিবলগীয়া হৈছে। নাৰী স্বাধীনতাৰ বাবে যুঁজ কৰাৰ বাবে ইৰাণ চৰকাৰে নাৰ্গেছক ১৩ বাৰকৈ গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ৫ বাৰ দোষী সাব্যস্ত কৰা হৈছে। তেওঁক ৩১ বছৰৰ শাস্তি বিহিছে ইৰাণ চৰকাৰে। বৰ্তমান তেওঁ কাৰাগাৰত আছে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment