কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্রী শৰৎ বৰকটকীৰ দেহাৱসান


গুৱাহাটী,৩০ অক্টোবৰঃ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী আৰু নাই। ৮৬ বছৰত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিক শৰৎ বৰকটকীয়ে। ১৬ অক্টোবৰৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল শৰৎ বৰকটকী। ৩০ অক্টোবৰৰ নিশা ১.৩৬ বজাত মৃত্যু হয় প্রাক্তন মন্ত্রীগৰাকীৰ। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শিক্ষা,  লোকনিৰ্মাণকে ধৰি কেইবাটাও দপ্তৰৰ মন্ত্রী আছিল তেওঁ। কেইদিনমান পূৰ্বে তেওঁৰ স্বাস্থ্যৰ বুজ লবলৈ হাস্পাতালত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। স্বাস্থ্য সম্বন্ধীয় বিষয়বোৰ তদাৰক কৰি উদ্বিগ্ন প্ৰকাশ কৰিছিল মুখ্যমন্ত্রী শৰ্মাই। বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুৰ খবৰে এতিয়া অসমৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ পূৰ্বে তেওঁ দান দি থৈ গৈছে চকু কেইটা। উল্লেখ্য যে হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ কাৰ্যকালত তেওঁ ৰাজ্য বিভাগৰ কেইবাটাও দপ্তৰ চম্ভালিছিল। ৫ বাৰকৈ সোণাৰি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল বৰকটকীয়ে। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হৈছিল তেওঁ। তাৰ পাছত ১৯৯৬, ২০০১,২০০৬ আৰু ২০১১ চনতো সোণাৰিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ। ২০১৫ চনত শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱা বৰকটকীয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল। ১৯৩৫ চনৰ ১ মাৰ্চত সোণাৰিৰ মধুপুৰত জন্ম হৈছিল বৰ্ষীয়ান নেতাগৰাকীৰ। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যৰ লগতে সোণাৰিবাসীৰ মাজতো শোকৰ ছাঁ পেলাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment