উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ‘বুৰঞ্জী, জনশ্ৰুতি আৰু শৰাইঘাটৰ ৰণ’ শীৰ্ষক বক্তৃতানুষ্ঠান


লখিমপুৰ,৩০ অক্টোবৰঃ ‘ঊনবিংশ শতিকাৰ পৰাই বুৰঞ্জীৰ বিভিন্ন ঘটনা পৰিঘটনাৰ আলম লৈ অসমীয়া উপন্যাস ৰচিত হৈছে যদিও সেইসমূহত বুৰঞ্জীৰ তথ্য অন্বেষণৰ প্ৰৱণতা গঢ় লোৱা নাছিল৷ লাহে লাহে উপন্যাস ৰচনাৰ শৈলীৰ পৰিৱৰ্তন সাধন হ’ল৷ লিখিত বুৰঞ্জীত স্থান নোপোৱা অথচ জনশ্ৰুতিৰ জৰিয়তে সাধাৰণ লোকৰ মুখে মুখে প্ৰচলিত কিছুমান চৰিত্ৰই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বিষদভাৱে অধ্যয়ন কৰিলে আচৰিত নহৈ নোৱাৰি৷ সাহিত্যিক এজনৰ অধ্যয়নলিপ্সা, অনুসন্ধিৎসু মন আৰু সত্য উদঘাটনৰ আগ্ৰহৰ বাবেই এনেধৰণৰ প্ৰান্তীয় চৰিত্ৰসমূহক সাধাৰণ পাঠকৰ অধিক ওচৰ চপাই অনাত  সহায়  কৰে৷’– এই মন্তব্য বিশিষ্ট লেখক তথা সাংবাদিক পুলিন কলিতাৰ৷ আজি নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে আয়োজন কৰা  ‘বুৰঞ্জী, জনশ্ৰুতি আৰু শৰাইঘাটৰ ৰণ’ বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লৈ তেওঁ এইদৰে কয়৷ কলিতাই তেওঁৰ শেহতীয়াকৈ প্ৰকাশিত উপন্যাস ‘লাইধন খাঁ’ ৰচনা কৰিবলৈ যাওতে কৰা  বিস্তৃত গৱেষণা আৰু ক্ষেত্ৰ অধ্যয়নৰ ভিত্তিত এটি আলোকসন্ধানী বক্তৃতা প্ৰদান কৰে৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰপৰা প্ৰায় ডেৰশ বছৰৰ অসমৰ ইতিহাসৰ বিভিন্ন অনালোচিত দিশ তেওঁ উত্থাপন কৰে৷ অসম বুৰঞ্জীসমূহৰ লগতে মোগলসকলে লিখা অসম সম্পৰ্কীয় নথিসমূহত যে বহুতো অজানা তথ্য পাব পাৰি তেওঁ সেই প্ৰসঙ্গও উত্থাপন কৰে৷ বক্তৃতা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱাই৷ ৰাজখোৱাই অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত পুলিন কলিতাই আগবঢ়োৱা অৱদানৰ বিষয়ে দু-আষাৰ কয় আৰু অসম বুৰঞ্জীৰ চিৰিয়াছ চৰ্চা কৰা চিন্তাশীল মুষ্টিমেয় ব্যক্তিসকলৰ ভিতৰত পুলিন কলিতা অন্যতম বুলি কয়৷ বক্তৃতাৰ অন্তত মুকলি আলোচনাত ভাগ লয় দৈনিক অসম কাকতৰ লখিমপুৰৰ সাংবাদিক প্ৰিয়ম ফুকন, সহকাৰী অধ্যাপক ড॰ ধীৰাজ পাটৰ, ছাত্ৰ মহানন্দ শইকীয়া, বিবেকানন্দ গগৈ আদিয়ে ৷ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড॰ ধনৰঞ্জন কলিতা, গৱেষক-গৱেষিকা আৰু ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment